অসম

মৰাণ মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীত উপস্থিত মুখ্যমন্ত্ৰী

asomiyapratidin

ডিজিটেল সংবাদ, মৰাণঃ শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা মৰাণ মহিলা মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ শনিবাৰে সফল সামৰণি পৰে। শনিবাৰে মহিবিদ্যালয়খনৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে।

আনহাতে মহাবিদ্যালয়খনৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ মুকলি সভাত শক্তি মন্ত্ৰী তপন গগৈৰ লগতে বিধায়ক যোগেন মোহন, চক্ৰধৰ গগৈ, কুশল দুৱৰী আৰু ঋতুপৰ্ণ বৰুৱা, সাংসদ কামাখ্যা প্ৰসাস তাছা আৰু ৰামেশ্বৰ তেলী উপস্থিত থাকে।