অসম

মৰাণত জাতি ধ্বংসী বিধেয়ক লৈ শ্মশান যাত্ৰা কৰি প্ৰতিবাদ

asomiyapratidin

ডিজিটেল সংবাদ, মৰাণঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত মৰাণত টাই আহোম যুৱ পৰিষদ,অসমৰ উদ্যোগত আৰু জাতীয়-জনগোষ্ঠীয় সংগ্ৰামী মঞ্চৰ সহযোগত মৰাণত বৃহস্পতিবাৰে জাতি ধ্বংসী বিধেয়কলৈ শ্মশান যাত্ৰা কৰি প্ৰতিবাদ সাব্যস্ত কৰা লগতে ৰাজহুৱাকৈ দাহ কৰে জাতি ধ্বসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ।

প্ৰতিবাদী সকলে মৰাণ নগৰত বিজেপি বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্ল'গান দিয়াৰ লগতে নৰেন্দ্ৰ মোদী আৰু সৰ্বানন্দ মুৰ্দাবাদ ধ্বনিয়ে মৰাণৰ আকাশ বতাহ কপাই তোলে। প্ৰতিবাদীসকলে সৰ্বানন্দ সোনোৱালক অসমীয়া জাতিৰ প্ৰতি থাকিব লগা দায়বদ্ধতা কথা পুনৰ সোঁৱৰাই দি অসমীয়া জাতি পক্ষত থিয় দিবলৈ সকীয়াই দিয়া উপৰিও আহ্বানো জনায়।তাৰোপৰি মৰাণ আৰু মাহমৰা সমষ্টিৰ বিধায়কদ্বয়ৰ লগতে অসমৰ সমূহ বিধায়ককো অসমীয়া জাতি পক্ষলৈ আহিবলৈ আহ্বান জনায়।