অসম

মৰাণত আৰক্ষী বিষয়াক প্ৰহাৰ কৰি ৰঙাঘৰত সোমাল ৩ যুৱক, চাওক VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, মৰাণঃ মৰাণ বামুনবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া লাৰ্নিজ পেগুক কৰ্তব্যৰত অৱস্থাত ১৩ ফেব্ৰুৱাৰীৰ নিশা মৰাণ বামুনবাৰী তিনিআলিত প্ৰহাৰ কৰা উদণ্ড যুৱকৰ দলটোৰ ৩জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে মৰাণ থানাৰ আৰক্ষীয়ে।

মুল অপৰাধী মৰাণ লেঙেৰী তিনিআলিৰ ৰামকৃষ্ণ গগৈৰ পুত্ৰ পিয়াংকু গগৈ(২৪)ক শুকুৰবাৰে টেঙাখাটৰ পৰা টেঙাখাট আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰা লগতে ঘটনাটো সংঘটিত কৰা আৰু দুটা অপৰাধী ক্ৰমে- মৰাণ বৰবামৰ তাৰকেশ্বৰ দুৱৰা পুত্ৰ অৰিন্দম দুৱৰা(২৬)আৰু মৰাণ গড়পথাৰৰ ৰামেশ্বৰ সোণোৱালৰ পুত্ৰ কৌশিক সোনোৱাল(২৯)ক গ্ৰেপ্তাৰ কৰিছে।

আনহাতে অপৰাধী দলটোৰ পৰা এতিয়াও পলাতক হৈ আছে ৫জনকৈ লোক। ইফালে মুল অপৰাধী পিয়াংকু গগৈৰ মাতৃ তথা আৰক্ষী বিষয়াজনৰ চাৰ্ভিজ ৰিভলভাৰ কাঢ়ি পলায়ন কৰিবলৈ চেষ্টা কৰা অপৰাধী দিপালী গগৈকো পুনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৰঙাঘৰলৈ প্ৰেৰণ কৰিব বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে ৩৪টাকৈ গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ডবিধি আইনৰ ১২০ বি/১৪৩/৩৩৩/৩৫৩/৩৯২/৩৯৪/৫০৫/৪৩৭ ধাৰাত তিনিওজন অপৰাধীক শুকুৰবাৰে ৰঙাঘৰলৈ প্ৰেৰণ কৰিছে।