অসম

মৰাণৰ ঔফুলীয়া গাঁৱক স্বচ্ছ ৰূপত গঢ়িব প্ৰধানমন্ত্ৰীয়ে

asomiyapratidin

ডিজিটেল সংবাদ, মৰাণঃ মৰাণৰ এখন গাঁৱত এতিয়া ব্যাপক প্ৰস্তুতি। শনিবাৰে গাঁৱখনৰ একাংশ ছাত্ৰ-ছাত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মত-বিনিময় কৰিব। নতুন ৰূপত সজাই তোলা হৈছে গাঁওখন।

ভিডিঅ' কনফাৰেন্সযোগে গাঁওখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোডীয়ে এই বাৰ্তালাপত অংশ ল'ব। উল্লেখযোগ্য যে,  ১৫ ছেপ্টেম্বৰৰ পুৱা ৯.৩০ বজাত দেশজুৰি আৰম্ভ হ'ব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 'স্বচ্ছতা হি সেৱা' শীৰ্ষক কাৰ্যসূচী। দেশৰ ১৬টাকৈ স্থানৰ সৈতে ভিডিঅ' কনফাৰেন্সযোগে কথা পাতিব প্ৰধানমন্ত্ৰী মোডীয়ে।

মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্ম জয়ন্তীৰ প্ৰাকক্ষণত মুকলি কৰিবলৈ লোৱা হৈছে এই সেৱা। মূলতঃ জাতিৰ পিতা মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি হিচাবে কেন্দ্ৰীয় চৰকাৰে হাতত লৈছে এই কাৰ্যসূচী।ইয়াৰে অংশ হিচাপে মৰাণৰ ঔফুলীয়া গাঁৱক স্বচ্ছ ৰূপত গঢ়ি তোলাৰ বাবে বিশেষ ব্যৱস্থা ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

ইফালে, এই সেৱাৰ দ্বাৰা স্বচ্ছ ভাৰত অভিযানক অধিক ফলপ্ৰসূ কৰাৰ বাবে সহযোগ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক টুইটাৰযোগে আহ্বান জনাইছে।