অসম

মৰাণৰ ৰাজপথত দাউদাউকৈ জ্বলিল বাহন, কথমপি প্ৰাণৰক্ষা বহু যাত্ৰীৰ, চাওঁক VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, মৰাণঃ দেওবাৰে মৰাণৰ ৰাজপথত দাউদাউকৈ জ্বলিল বাহন। জিলাখনৰ বামুনবাৰী হাইস্কুলৰ সন্মুখৰ পথটোত চলন্ত অৱস্থাতেই জ্বলি উঠে যাত্ৰীবাহী টাটা মেজিক।

উল্লেখ্য যে, মৰাণ-নাহৰকটীয়া সংযোগী পথটোত গৈ আছিল যাত্ৰীবাহী টাটা মেজিকখন। সেই সময়তে হঠাৎ জ্বলি উঠি গাড়ীখন। বাহনখনৰ পৰা যাত্ৰীসকলে জপিয়াই দিয়াৰ ফলত কথমপি প্ৰাণৰক্ষা পৰে। ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে। কিন্তু বৰ্তমানলৈ জানিব পৰা হোৱা নাই যে গাড়ীখন কেনেকৈ জ্বলিল।