অসম

মৰেল পুলিছিঙৰ বৰ্বৰতা, ছ’চিয়েল মিডিয়াত ভাইৰেল গাৰ নোম শিঁয়ৰি উঠা ভিডিঅ’

asomiyapratidin

ডিজিটেল সংবাদ, লামডিংঃ গাৰ নোম শিয়ঁৰি উঠা এক দৃশ্য৷ একবিংশ শতিকাৰ নিৰ্দয় পৃথিৱীত মৰেল পুলিছিঙৰ নামত কেনেদৰে এজন যুৱকক শাৰিৰীক আৰু মানসিকভাৱে নিৰ্যাতন চলোৱা হৈছে, সেয়া প্ৰকাশ পাইছে সেই দৃশ্যত৷ যুৱকজনৰ অপৰাধ- সি চুৰি কৰিছিল৷

ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ভিডিঅ'টোৰ ঘটনাস্থলী সংঘটিত হৈছে হোজাইৰ জিলাৰ লংকা থানাৰ অন্তৰ্গত উদালীত৷ এজন যুৱকে ম'বাইল চুৰি কৰাৰ অপৰাধত একাংশ লোকে যুৱকজনক বান্ধি মূৰৰ চুলি খুৰাই দিয়ে৷ কেৱল এয়াই নহয়, লংকা নখুটিৰ আহাদ নামৰ যুৱকজনৰ শৰীৰ ব্লেডেৰে তচনছ কৰিছে লোকসকলে৷ শেষত তাৰ ওপৰত ভৰি থৈ ৰজাৰ দৰে প'জ দিছে উদণ্ড যুৱকৰ দল এটাই৷

কেইবাজনৰ অত্যাচাৰত চিৎকাৰ কৰি উঠিছে যুৱকজন৷ তেজেৰে তুমুৰলি হৈ যন্ত্ৰণাত চটফটোৱা দেখিও ভ্ৰুক্ষেপ কৰা নাই উদণ্ড যুৱকৰ দলটোৱে৷ কেৱল তাৰ ওপৰত চলাই গৈছে নিৰ্মম অত্যাচাৰ৷ সিহঁতৰ অট্টহাস্যৰ মাজত হেৰাই গৈছে আহাদৰ যন্ত্ৰণাকাতৰ চিঞৰ৷

ইফালে চুৰি কাণ্ডত অভিযুক্ত আহাদক এনেদৰে জন্তুৰ দৰে বান্ধি নিৰ্মম অত্যাচাৰ চলাই তাৰ ভিডিঅ' বনাই বৰ্বৰ যুৱকসকলে সেই ভিডিঅ' ছ'চিয়েল মিডিয়াতো আপল'ড কৰে৷ পিছতে এই নিৰ্মম অত্যাচাৰৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে এনে জঘন্য কাণ্ডক সকলোৱে একেমুখে গৰিহণা দিছে৷

ম'বাইল চুৰিৰ অভিযোগত এজন যুৱকক এনেদৰে নিৰ্মম অত্যাচাৰ চলোৱা ঘটনাই এতিয়া সমগ্ৰ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ তথাকথিত মৰেল পুলিছিঙৰ নামত সংঘটিত হোৱা এই ঘটনাৰ অভিযুক্তসকলক শীঘ্ৰে শাস্তি প্ৰদান কৰিবলৈ বিভিন্নজনে দাবী জনাইছে৷

উল্লেখ্য যে, মৰেল পুলিছগিৰি দেখুৱাই অসমত প্ৰায়ে বিভিন্ন ঘটনা সংঘটিত কৰি অহা পৰিলক্ষিত হৈছে৷ মৰেল পুলিছৰ হাতত প্ৰাণ হেৰুৱাবলগা হাছে কেইবাজনেও৷ তেনে এক সময়ত মৰেল পুলিছগিৰি বন্ধ কৰিবলৈ প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি বিভিন্নজনে মন্তব্য কৰি আহিছে৷