অসম

সোনালী জয়ন্তী উপলক্ষে দিঘীৰপাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত সাধাৰণ সভা সম্পন্ন…

asomiyapratidin

ডিজিটেল সংবাদ, মোৰাঝাৰঃ শনিবাৰে হোজাই জিলাৰ চাৰিং পথাৰস্থিত দিঘীৰপাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত আগন্তুক সোনালী জয়ন্তী বৰ্ষ উদযাপন উপলক্ষে এখন সাধাৰণ সভা অনুষ্ঠিত হয় | বিদ্যালয়খনৰ জ্যেষ্ঠ শিক্ষক শ্বফিক উদ্দিনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সাধাৰণ সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়খনৰ সহকাৰী শিক্ষক হিলাল উদ্দিন আহমেদে | আজি অনুষ্ঠিত হোৱা সাধাৰণ সভাত বিদ্যালয়খনৰ প্ৰাক্তন শিক্ষক সকলৰ লগতে কেবা শতাধিক প্ৰাক্তন ছাত্ৰ-ছাত্ৰীও উপস্থিত থাকে।

বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি তথা চৌধুৰী বজাৰ জিলা পৰিষদৰ প্ৰাক্তন সদস্য আলহাজ মাহমুদ হুছেইন উপস্থিত থাকি মূল্যবান ভাষণ আগবঢ়ায়। শনিবাৰে দিনৰ বাৰ (১২) বজাত আৰম্ভ হোৱা সাধাৰণ সভাৰ আৰম্ভণিতে দিঘীৰপাৰ হাই স্কুলৰ প্ৰধান শিক্ষক প্ৰয়াত হুমায়ুন কবিৰ আৰু টেঙাতলি প্ৰাথমিক বিদ্যালয়ৰ প্ৰয়াত প্ৰধান শিক্ষক আজমল হুছেইনৰ আত্মাৰ সদগতি কামনাৰে এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয় |

বৰ্তমান হোজাই জিলাৰ মোৰাঝাৰৰ চাৰিংপথাৰত ১৯৭৩ চনত স্থাপিত হোৱা দিঘীৰপাৰ উচ্চ মাধ্যমিক বিদ্যালয়খনৰ অহা বৰ্ষত পঞ্চাছ বছৰ সম্পূৰ্ণ হ'বলৈ যোৱাত বিদ্যালয়খনত আগন্তক বৰ্ষত অনুষ্ঠিত হ'বলগীয়া সোনালী জয়ন্তী উৎসৱ শান্তিপূৰ্ণ আৰু সূচাৰুৰূপে পালন কৰাৰ উদ্দেশ্যে আজি অনুষ্ঠিত হোৱা সাধাৰণ সভাৰ জৰিয়তে এখন সোণালী জয়ন্তী উদযাপন সমিতি গঠন কৰা হয়। বিদ্যালয়খনৰ প্ৰাক্তন প্ৰধান শিক্ষক আজিজুৰ ৰহমান চৌধুৰীক সোনালী জয়ন্তী উদযাপন সমিতিৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰাৰ লগতে শিক্ষক শ্বফিক উদ্দিন আহমেদক মুখ্য সম্পাদকৰ দায়িত্ব প্ৰদান কৰি মুঠ পঞ্চাছ জনীয়া এখন পূৰ্ণাংগ সোণালী জয়ন্তী উদযাপন সমিতি গঠন কৰা হয় |