অসম

মোৰাঝাৰ শাখা সাহিত্য সভাৰ সৌজন্যত হোজাই জিলা সাহিত্য সভাৰ কেন্দ্ৰীয় শিশু সমাৰোহ অনুষ্ঠিত…

asomiyapratidin

ডিজিটেল সংবাদ, মোৰাঝাৰঃ এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে হোজাই জিলাৰ মোৰাঝাৰত দেওবাৰে অনুষ্ঠিত হয় হোজাই জিলা ভিত্তিক কেন্দ্ৰীয় শিশু সমাৰোহ । ২৯ নৱেম্বৰ ২০২০ তাৰিখে ৰাতিপুৱা ৯ বজাত মোৰাঝাৰ জাতীয় একাডেমী প্ৰাঙ্গণত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰি অনুষ্ঠানটো মুকলি কৰে হোজাই জিলা সাহিত্য সভাৰ সভাপতি ড° গুণেশ্বৰ শইকীয়া দেৱে ।

পুৱা ৯:১৫ বজাত স্মৃতি তৰ্পণ কাৰ্যসূচীৰ বন্তি প্ৰজ্বলন কৰে মোৰাঝাৰ শাখা সাহিত্য সভাৰ সভাপতি তথা মোৰাঝাৰ কলেজৰ অধ্যক্ষ ড° চৈয়দ আহমেদ আলীয়ে । নিৰ্দ্ধাৰিত কাৰ্যসূচী অনুসৰি শিশু সকলৰ মাজত আৰম্ভ হয় জিলা ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা । জিলা ভিত্তিত কুইজ প্ৰতিযোগিতা আৰু আবৃত্তি, গীত-নাচ আদি প্ৰতিযোগিতা তথা সাংস্কৃতিক কাৰ্যসূচী । ধৰ্মীয় সংখ্যালঘু বসতি প্ৰধান মোৰাঝাৰ অঞ্চলত আজিৰ অনুষ্ঠানটো অসম সাহিত্য সভাৰ হোজাই জিলা সাহিত্য সভাৰ কেন্দ্ৰীয় ভাৱে উৎযাপিত প্ৰথম আনুষ্ঠানিক কাৰ্যসূচী ।

ধৰ্মীয় সংখ্যালঘু বসতি প্ৰধান মোৰাঝাৰ অঞ্চলত এশ শতাংশৰ শিক্ষাৰ মাধ্যম অসমীয়া ভাষা । ভাষা আৰু সাহিত্য চৰ্চা , শিক্ষা দিক্ষা আদিত এশ শতাংশ অসমীয়া ভাষাৰ প্ৰচলন আছে । ঘৰত দোৱান ব্যৱহাৰ কৰি আহিলেও শিক্ষা আৰু ভাষা চৰ্চাত এশ শতাংশ ই অসমীয়া ভাষা প্ৰচলিত । যুগে যুগে অঞ্চলটোৰ ৰাইজে অসম সাহিত্য সভা লৈ বিভিন্ন ধৰণৰ সহযোগীতা বৰ্তাই আহিছে । কিন্তু কিবা কাৰণত সাহিত্য সভাৰ শাখা এটা খুলিবলৈ পিছ পৰি আছিল ।

সেই শূণ্যতা চলিত ২০২০ বৰ্ষত মোৰাঝাৰবাসীয়ে পূৰণ কৰি শাখা সাহিত্য সভা গঠণ কৰে । শাখা সাহিত্য সভা গঠণৰ পিছত আজি তাৰ প্ৰথমটো ফচল এই কেন্দ্ৰীয় শিশু সমাৰোহ অনুষ্ঠান । ইফালে দেওবাৰে অনুষ্ঠিত হোৱা বিভিন্ন শাখাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি স্থান লাভ কৰা বিজয়ী সকলক মান পত্ৰ আৰু বঁটাৰে সন্মানিত কৰা হয় । প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতি গৰাকী প্ৰতিযোগীৰ দক্ষতা আছিল শলাবলগীয়া । প্ৰতিটো পৰ্বত তুমুল প্ৰতিদ্বন্দিতা আগবঢ়োৱা পৰিলক্ষিত হৈছে প্ৰতি জন প্ৰতিযোগীয়ে । গীত নাচ আৰু আবৃত্তি অনুষ্ঠানে উপস্থিত দৰ্শকক আপ্লুত কৰে ।

প্ৰতি গৰাকী প্ৰতিযোগীয়ে গীত নাচ আৰু আবৃত্তিৰে মনমূগ্ধ কৰি তোলে উপস্থিত দৰ্শক আৰু সাহিত্য সভাৰ বিষয় ববীয়া সকলক । আজিৰ শিশু সমাৰোহ অনুষ্ঠানত প্ৰতিযোগীৰ সংখ্যাই উদ্যোক্তা সকলক ভবাই তোলে । আশা কৰাতকৈ বিপুল পৰিমাণৰ শিশু প্ৰতিযোগীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাত উদ্যোক্তা সকলে মুকলি সভাখন বাতিল কৰিবলৈ বাধ্য হয় । শিশু সকলৰ ব্যাপক অংশগ্ৰহণ এক শুভ লক্ষণ বুলি সভাপতি চৈয়দ আহমেদ আলীয়ে সন্তোষ ব্যক্ত কৰে । জিলা খনৰ বিভিন্ন বিদ্যালয় অনুষ্ঠানৰ পৰা অহা কেবাশ ছাত্ৰ ছাত্ৰী আৰু ৰাইজে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ।