অসম

মোৰাঝাৰত কাৰ্বি আংলং মাঞ্জাৰ সন্ধানহীন নাবালিকা উদ্ধাৰ…

asomiyapratidin

ডিজিটেল সংবাদ, মোৰাঝাৰঃ দীৰ্ঘদিন ধৰি সন্ধানহীন হৈ থকা কাৰ্বি আংলং মাঞ্জাৰ এগৰাকী নাবালিকাক বুধবাৰে মোৰাঝাৰ থানাৰ অন্তৰ্গত আমবাৰী বনগাঁৱৰ পৰা উদ্ধাৰ কৰা হয়৷ হোজাই জিলা আইনসেৱা প্ৰাধিকৰণ, মোৰাঝাৰ আৰক্ষী আৰু চাইল্ড লাইনে যৌথভাৱে অভিযান চলাই নাবালিকাক উদ্ধাৰ কৰে ৷

উল্লেখযোগ্য যে, যোৱা ১৭ ছেপ্টেম্বৰত মাঞ্জাৰ পৰা নিৰুদ্দেশ হৈ আছিল নাবালিকা গৰাকী৷ বুধবাৰে এক গোপন সূত্ৰৰ ভিত্তিত মোৰাঝাৰ থানাৰ আৰক্ষী বিষয়া কবিৰ সিং লিম্বুৱে আমবাৰী বনগাঁওত নাবালিকা গৰাকী থকাৰ তথ্য লাভ কৰি খৱৰ দিয়ে হোজাই জিলা আইনসেৱা কৰ্তৃপক্ষক৷ পিছত আইনসেৱা কৰ্তৃপক্ষৰ সম্পাদিকা প্ৰণিতা মৰাঙৰ নিৰ্দেশ মৰ্মে পেনেল অধিবক্তা ৰোহিনা ৱাৰিছ আৰু চাইল্ড লাইনে মোৰাঝাৰ আৰক্ষীৰ সহযোগত নাবালিকাগৰাকীক উদ্ধাৰ কৰে৷

চাইল্ড লাইনে নাবালিকা গৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰাই শিশু সুৰক্ষা কেন্দ্ৰলৈ প্ৰেৰণ কৰে৷ সম্প্ৰতি নাবালিকা গৰাকীৰ পৰিয়ালৰ সৈতে যোগাযোগ স্থাপনৰ চেষ্টা অব্যাহত ৰাখিছে আইনসেৱা কৰ্তৃপক্ষই ৷ মাঞ্জাৰ এই নাবালিকাগৰাকীক আমবাৰী বনগাঁওৰ চমিৰন নমঃশূদ্ৰ নামৰ যুৱক জনে প্ৰলোভনেৰে ফুচলাই লৈ আহি দীৰ্ঘদিন ধৰি নিজৰ গৃহত ৰাখিছিল৷লগতে নাবালিকাগৰাকীৰ লগত যুৱকজনে বাল্যবিবাহৰ আয়োজন চলাই আছিল বুলি অভিযোগ উত্থাপিত হৈছে৷ বুধবাৰে আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছতে গম পাই অভিযুক্ত যুৱকজন পলাই পত্ৰং দিয়া বুলি জানিব পৰা গৈছে।