অসম

মোৰাঝাৰত দুষ্ট চক্ৰই ভাঙিলে নিৰ্মীয়মান ঘৰ, ভিডিঅ’…

asomiyapratidin

ডিজিটেল সংবাদ, মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত হাতীশালীত দেওবাৰে দিন দুপৰতে দুষ্ট চক্ৰই এজন ব্যক্তিৰ নিৰ্মীয়মান ঘৰ ভঙাকলৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত ৷ঘটনাৰ বিৱৰণী মতে হাতীশালী গাঁৱৰ দিলৱাৰ হুছেইনৰ নিজৰ ম্যাদী ভূমিত নিৰ্মিয়মান পকী ঘৰ দেওবাৰে দিন দুপৰতে পুৰুষ মহিলাৰ এটি দুষ্ট চক্ৰৰ দলে উপস্থিত হৈ ঘৰ ভাঙি চূৰমাৰ কৰে।

হাতত দা, লাটি লৈ চাৰিওফালৰ পৰা আৱৰি এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰে দুষ্ট চক্ৰই, য'ত স্থানীয় ৰাইজে ভয়ত কম্পমান হৈ পৰিছে। ঘটনাৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও ভু-মাফিয়াৰ সন্ত্ৰাসত গৃহটিৰ গৰাকী প্ৰাণৰ ভয়ত নিৰাপত্তাহীনতাত ভূগিবলগীয়া হৈছে ৷

উল্লেখ্য যে, ভুমি তথা গৃহৰ গৰাকী দিলৱাৰ হুচেইনে আব্দুল জলিল নামৰ লোক জনৰ পৰা কিছু বছৰ পূৰ্বে ভূমি ক্ৰয় কৰিছিল, সেয়েহে এই লোকজনে একাংশ তথাকথিত ভূ-মাফিয়াৰ সহযোগত হাতীশালীৰ বাহিৰৰ পৰা ভাৰাতীয়া উদণ্ড পুৰুষ মহিলা হতুৱাই এই ভয়ংকৰ ঘটনাটো সংঘটিত কৰা বুলি ৰাইজৰ মাজত চৰ্চিত হৈছে।

ধ্বংস লীলা চলোৱা একাংশৰ অভিযোগ আছিল দিলৱাৰে প্ৰৱঞ্চনাৰে ভূমি ক্ৰয় কৰিছিল। এতিয়া এই ঘটনা সংক্ৰান্তত পৃথকে পৃথকে কেবাটাও গোচৰ ৰুজু হৈছে ৷ সোমবাৰে এই সমগ্ৰ ঘটনাৰ ভিডিঅ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।