অসম

মোৰাঝাৰত লকডাউন উলংঘা, সামাজিক দূৰত্ব বজাই ৰখোৱাত ব্যৰ্থ আৰক্ষীও…

asomiyapratidin

ডিজিটেল সংবাদ, মোৰাঝাৰ: কোৰোনা ভাইৰাছে সমগ্ৰ বিশ্বব্যাপি ত্ৰাসৰ সৃষ্টি কৰাৰ সময়ত ভাৰতবৰ্ষৰ প্ৰধান মন্ত্ৰী আৰু অসম চৰকাৰে তৎপৰতা দেখুৱাই ২১দিনীয়া লকডাউনৰ ঘোষণা কৰি সামাজিক দুৰত্ব বজাই ৰখাৰ আহ্বান জনাইছে। তেনে সময়ত হোজাই জিলাৰ মোৰাঝাৰ বজাৰত আৰক্ষীৰ সন্মুখতে লকডাউনৰ নিয়ম উলংঘা কৰা পৰিলক্ষিত হৈছে।

কিন্তু নীৰৱ নিমাত আৰক্ষী। কোৰোনা ভাইৰাছ প্ৰতিৰোধৰ লক্ষ্যৰে এজনে আনজনৰ পৰা এক মিটাৰ দুৰত্বত থাকি সামাজিক দুৰত্ব বজাই ৰখাৰ বিশেষ প্ৰয়োজন বুলি দেশৰ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ লগতে জিলা প্ৰশাসনে কাতৰ আহ্বান জনাইছিল সকলোকে। কিন্তু মোৰাঝাৰ আৰক্ষীৰ চকুৰ সন্মুখতেই মোৰাঝাৰ বজাৰত দেখা গ'ল এক বিপৰীত দৃশ্য।

মোৰাঝাৰ বজাৰত থকা বিমল পালৰ গেলামাল দোকানতে একাংশ গ্ৰাহক কিন্তু গ্ৰাহক তথা দোকানীৰ মাজত নাই সামাজিক দূৰত্ব। এক মিটাৰৰ ভিতৰত চাৰি-পাঁচ জন গ্ৰাহক আৰু লগতে দোকানীয়েও গ্ৰাহকক যোগান ধৰিছে সা-সামগ্ৰী। চৰকাৰ তথা প্ৰশাসনে এজনৰ মাজত আনজনে এক মিটাৰ দুৰত্ব বজাই ৰখাৰ আহ্বান ধোঁৱাচাঙত পৰিণত হোজাই জিলাৰ মোৰাঝাৰ বজাৰত। এনে অৱস্থাত কোৰোনা ভাইৰাছ প্ৰতিৰোধ কৰোতা দূৰৰে কথা বৃদ্ধি পোৱা সম্ভাৱনা অধিক।