অসম

মোৰাঝাৰত বন বিভাগৰ অভিযান, বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ…

asomiyapratidin

ডিজিটেল সংবাদ, মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰৰ দক্ষিণ চামৰালিত বন বিভাগে মঙলবাৰে অভিযান চলাই প্ৰায় ১৫০ কেবি মুল্যবান চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয় । বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে , গোপন খবৰৰ ভিত্তিত হোজাই আঞ্চলিক বন বিষয়া শ্বামিম আখতাৰৰ নেতৃত্বত বন বিভাগৰ এটা দলে চৌধুৰী বজাৰৰ কাষৰীয়া অঞ্চল চামৰালিত তীব্ৰ অভিযান চলাই চোৰাং কাঠ জব্দ কৰে । বন বিভাগৰ দলটোৱে চোৰাং কাঠ চক্ৰৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে যদিও কোনো এজনক আটক কৰিবলৈ সক্ষম হোৱা নাই ।