অসম

অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু…

asomiyapratidin

এই শিতানটোৰ জৰিয়তে ৰাইজৰ মত 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণৰত প্ৰকাশ কৰা হয়। চৰ্চিত বিষয়ৰ সন্দৰ্ভত অতি চমুকৈ লিখা অৰ্থপূৰ্ণ লেখা এই শিতানত প্ৰকাশ পায়। আজিৰ 'মোৰ মত'ত বিপুল গগৈৰ ভোগালী বিহু সন্দৰ্ভত এক চমু লেখা

বিপুল গগৈ

অসমৰ জাতীয় বৰপথাৰত এতিয়া ভোগালীৰ উলাহৰ ধল । সোণোৱালী পথাৰৰ নৰা আৰু বাৰীৰ ঢাপৰ বাহঁ কাটি বৰ্নিল ভেলাঘৰ সাজিছে গাৱঁৰ ৰাইজে মিলি ভোগালীৰ ফেহুঁজালিত । ভেলাঘৰৰ দাঁতিত বিভিন্ন আকাৰ আৰু প্ৰকাৰৰ মেজিও জিলিকি উঠিছে । পাহাৰ ভৈয়ামৰ কলা কৃষ্টিৰ বৰ্ণাঢ্য ভঁৰালৰ গৰিমামণ্ডিত মুকুতাৰ মালা লৈ ভোগালীৰ পুৱা মেজিৰ দীপ্ত আভাৰে অসমী আইৰ সেওঁতা উজলাবলৈ পুহ মহীয়া শীতৰ বোকোচাত উঠি আহিছে হেঁপাহৰ মাঘ বিহু । উখল মাখল অসমীয়াৰ পথাৰ চোতাল, নাই যেন কতো দম্ভ অহংকাৰ ।

জাতীয় স্বাভিমান বিহুৰ উচাহৰ বতৰত আভিযাত্যৰ দম্ভ যেন বোগালীৰ মেজিত পুৰি চাৰখাৰ হয় । হতাশা, হুমুনিয়াহ, বিৰহ, বেদনা বোৰকো উটুৱাই নিয়ে উৰুকাৰৱ ভোজ ভাতৰ প্ৰাচুৰ্য্যই । উৎসৱমুখী জাতিটোৰ হ্নদয় হেঁপাহ, আশা, আকাংক্ষাৰে উজ্জীৱিত হৈ উঠিছে । বিদ্বেষ, বৈৰিতা, বিভেদক একাষৰীয়া কৰি ভাতৃত্ববোধ, সমন্বয়, সদভাব, সম্প্ৰীতিৰ বোঁৱতী সুঁতিত সকলো মিলি সদভাব সংকল্প স্নান কৰে ।

শিপা খামুচি থকা জাতিৰ আশা প্ৰেৰণাৰ আলোক স্তম্ভ স্বৰূপ যুৰীয়া মেজিৰ উত্তাপত দেহ মন উমাল কৰি আমি সকলোৱে মহামিলনৰ সেন্দূৰীয়া বাটত খোজ দি মানৱ প্ৰেমৰ পদধ্বনিৰে জাতীয় জীৱনৰ মন হ্নদয় স্পন্দিত কৰি তুলিম । উলহ মালহ, ধুমধামেৰে মাজনিশালৈকে ঢেঁকীশালত তেজস্বিনী গাভৰু, বোৱাৰীৰ চিৰা পিঠা খুন্দা ঢেঁকীৰ চাপৰৰ প্ৰতিধ্বনিৰ মাজত মনৰ আপোন জনীৰ সৈতে হিয়া উজাৰি তোলা হেন্দোলনি,প্ৰাণখোলা হাঁহিৰ খিলখিলনিয়ে ভেলাঘৰৰ সুবৰ্ণ বাকৰি গৰকি, ৰজনজনায় তোলে চৌদিশ । মিঠা সুখানুভূতিৰ স্পৰ্শত প্ৰাণ পাই উঠা বিহুৱা ডেকাৰ কণ্ঠৰে নিগৰে তেতিয়া অমিয়া সুৰৰ বিহুনাম —
"দেহি ঐ ভেলাঘৰ সাজোতে টমালে কাটিলে হাতৰে ঐ আঙুলি
তুমি আহিবানে বান্ধি মোক দিবলৈ
চাদৰৰ আঁচল ফালি " ।

এয়াই আমাৰ অসমীয়াৰ বাপতি সাহোন ভোগালী বিহু ।নানা ঠাইৰ নানা নাম, তামিলনাডুৰ পোংগাল, হাৰিয়ানা – পাঞ্জাবৰ লোহড়ী, অসমীয়াৰ ভোগ আনন্দৰ ভোগালী ।বৈচিত্ৰময় ভোজঘৰ, মেজি বোৰ অসমীয়া জাতিৰ কৃষ্টি সংস্কৃতিৰ, সমন্বয় সম্প্ৰীতিৰ শৌৰ্য – বীৰ্য, চেতনাৰ প্ৰতীক, উদ্দীপনাৰ বাহক, গৰিমা সুতীব্ৰতাৰ এযুৰি অনলোজ্জ্বল অগ্নি ধ্বজা । আঘোণৰ সোণালী ধানৰ মেটমৰা ভঁৰালত প্ৰাচুৰ্যতা উপচে — চেণেহ শ্ৰদ্ধাৰ অসমীয়াৰ মন-হৃদয়ত দুখ-শোক-অৱসাদ বোৰ তেতিয়া সমাধি স্থলৰ গৰ্ভত শুই পৰে ।

দোমাহীৰ ঢলপুৱাত গা ধুই "আঘোণ-পুহ গ'ল, মেজিৰ জুই ৰজা হ'ল" ধ্বনিৰে ঐশ্বৰ্যশীল অত্যুজ্জ্বল পৰম্পৰাৰ ঐক্যতানেৰে মেজি জ্বলাই পৱিত্ৰ মেজিৰ বেদীত অগ্নি দেৱতাক সেৱা জনাই গ্ৰাম্য জীৱন পৰিক্ৰমাৰ গৌৰৱোজ্জ্বল পৰম্পৰাৰে সমৃদ্ধ গাৱঁৰ বুকুত সোণালী শলিতা জ্বলাই জীৱন প্ৰৌজ্জ্বল কৰি ৰখা সৰলমনা গ্ৰাম্য সমাজে অগ্নি দেৱতাৰ শ্ৰী চৰণত সেৱা জনাই প্ৰাৰ্থনা কৰে –
"আকাংক্ষাৰ কাৰেঙৰ সোণাৰুফুলীয়া উত্তৰণৰ এসাগৰ আশা লৈ, সমাজ জাতিৰ বিপদ বিঘিনি বোৰ দাহ হ'বলৈ, অপায় অমঙ্গল দূৰতে বিদূৰ হ'বলৈ, জাতিৰ চিৰ বৈৰীক বিনাশ কৰি বৰলুইতৰ দুবাহুত আঁকোৱালি ধৰি ৰখা বুকুৰ আপোন মানুহ খিনিক মহামিলনৰ বোঁৱতী সুঁতিত অনন্ত কাললৈ বোৱাই নি জাতীয় গৰিমাক চিৰকাল উদ্দীপ্ত কৰি ৰাখিবলৈ" ।

ঘৰে-ঘৰোৱাহে, গাৱেঁ-কুটুম্বে ভোগৰ ৰহণ চৰোৱা বাপতি সাহোন ভোগৰ বিহুটিত ঢেঁকীত খুন্দা মালভোগ – বকুল বৰা ধানৰ চিৰা বান বাটি ওপচা হুৰুম, পিঠা বাঁহৰ চুঙাৰ দৈ, গুড় সান্দহ, জুইত পুৰা মিঠা আলুৰ জুতি লবলৈ অৰঙে দৰঙে থকাজনেও আহি জুহালৰ মজিয়াত পীৰাত বহি বুকুভৰা হেঁপাহেৰে মাক-দেউতাকৰ লগত একেলগে বহি খায়। শৈশৱৰ সেই সোণালী স্মৃতিবোৰে হৃদয়ৰ উপকণ্ঠ উপচি আছে ।

বিহুৰ দিনা পুৱাৰ এচেৰেঙা ৰ'দ কাচলিত খেলা সাতামপুৰুষীয়া পৰম্পৰাগত খেলবোৰ,উজনিৰ বিনন্দীয়া কুকুৰা যুঁজ,হাজোৰ বুলবুলিৰ যুঁজ,মৰিগাঁও – নগাঁৱৰ মহ যুঁজ বোৰ, জুলুকি-পলহ লৈ সমজুৱা মাছমৰা পৰ্ববোৰৰ সৈতে অনন্য নিবিড়তা আছে ভোগালী বিহুৰ সৈতে । টঙাল আৰু নৰাৰে বৰঘৰ, ভঁৰালৰ মূধ খুটা বান্ধেগৈ ফাগুনৰ পছোৱাত, বহাগৰ বৰদৈচিলাত ধৰাত খুপনি পুতি ৰাখিবলৈ – বাৰীৰ গছ গছনি বান্ধেগৈ বতাহ ধুমুহাত বিনষ্ট নহৈ ঋতুৱে ঋতুৱে ফলে ফুলে জাতিষ্কাৰ হৈ নদন বদন হ'বলৈ ।

ভোগালী বিহুত মেজিৰ কাষত বহি আকৌ এবাৰ আশাৰ সম্ভাৱনাৰ নতুন উশাহ লওঁ আহক । বহ্ণিমান বিশাল ব্ৰক্ষ্মপুত্ৰৰ জলাধাৰৰ লহৰে লহৰে সাঁতুৰি নাদুৰি মানিক বুটলি, কৰ্দৈসিৰীয়া পাটকাইৰ শিখৰৰ পৰা ভৈয়ামৰৰ প্ৰান্তে প্ৰান্তে বিচৰণ কৰি অসমী আইৰ আৱেগ অনুভূতি, স্বাভিমান, বিভূতি বৈভৱ বুটলি বুটলি, চ্যুকাফা শংকৰ মাধৱ আজানৰ দেশৰ বুকুত বসবাস কৰা বৰ্ণাধ্য জাতি জনগোষ্ঠী সমূহৰ বৈচিত্ৰময় নিভাঁজ অনুপম কলা কৃষ্টিৰ বৰ্ণিল গৰিমাৰাশিক সাঁচতীত বান্ধি জাতীয় ভঁৰাল মেটমৰা কৰোঁ আহক ।

পূবৰ আকাশত উদিত হোৱা সূৰুযৰ সপ্তবৰ্ণ ৰঞ্জিত বৰ্ণালীয়ে দেশ – জাতিক জিলিকাই তোলক, মাঘৰ মেজিৰ অগ্নি দেৱতাই জাতিক আশিস যাচক, মানুহৰ হৃদয়ত মানৱীয় মমতা ওপচাই তোলক, বৰ্ণময় হওক অনাগত দিন মাহ বছৰবোৰ ,ঐক্য, সম্প্ৰীতিৰ সোণালী আহেঁৰে আঁটি আঁটি বান্ধি ৰাখক অসমীয়া জাতিটোক ।