অসম

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত মঙলদৈ ছাত্ৰ সংন্থাৰ বিক্ষোভ‌‌…

asomiyapratidin

ডিজিটেল ডেস্কঃ পেট্ৰ'ল, ডিজেল আৰু ৰন্ধন গেছকে আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত অসমৰ অন্যান্য স্থানৰ লগতে শুক্ৰবাৰে মঙলদৈতো সদৌ অসম ছাত্ৰ সংন্থাৰ দৰং জিলা ছাত্ৰ সংন্থা, আন্ত: মঙলদৈ ছাত্ৰ সংন্থাৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷
যোগান মন্ত্ৰী ফনীভুষণ চৌধুৰীক প্ৰতাৰক আখ্যা জিলা ছাত্ৰ সংন্থাৰ সভাপতি পৰাগ চহৰীয়াৰ।

এই বিক্ষোভ কয্যসুচিত সদৌ অসম ছাত্ৰ সন্থাৰ বৃত্ত সম্পাদক খনিন্দ্ৰ ৰাজবংশী ,সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি প্ৰৰাগ চহৰীয়া, সম্পাদক সত্য ৰঞ্জন ডেকা। আন্ত মঙলদৈ ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক সহ অৰ্ধ শতাধিক আছু কৰ্মীয়ে অংশগ্ৰহণ কৰে৷ ৩৭তম শ্বহীদ দিৱসৰ সংগতি ৰাখি পালন কৰা এই বিক্ষোভ কাৰ্যসূচীত স্থানীয় বহুলোকে অংশগ্ৰহণ কৰে৷