অসম

দক্ষিণ শালমাৰাত অবৈধ কাঠফলা মিল বন্ধ কৰিবলৈ ডিএফঅ’ই ধনদাবী কৰাৰ অভিযোগ, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা আৰু ফকিৰগঞ্জ থানা এলেকাত চলি থকা অবৈধ কাঠফলা মিল বন্ধৰ বাবে স্থানীয় আঞ্চলিক আছুৰ সভাপতি এগৰাকীয়ে ধুবুৰীৰ ডিএফঅ'ক টেলিফোনযোগে কাঠফলা মিল বন্ধৰ দাবী কৰিছিল যদিও ৰহস্যজনক ভাৱে ডিএফঅ'ই কাঠফলা মিল বন্ধ কৰাৰ বাবে ১ লাখ টকা আছুৰ পৰা দাবী কৰাৰ অভিযোগ উঠাৰ ঘটনাই সমগ্ৰ জিলাজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে, দক্ষিণ শালমাৰা-মানকাচৰ মহকুমা আছুৰ অধীনত থকা টুমনি আঞ্চলিক আছুৰ সভাপতি ৰাকিুবুল ইছলামে টেলিফোনযোগে ধুবুৰীৰ ডিএফঅ'ক কাঠফলা মিল বন্ধৰ দাবী তোলে।

আছুৰ আঞ্চিলক সভাপতিজনে কয় যে, আমাৰ অঞ্চলত বহুকেইটা কাঠফলা মিল চলি আছে। উক্ত কাঠফলা মিল বন্ধৰ কৰিবলৈ আপুনি আহিব লাগে। উত্তৰত বন বিষয়াজনে কয়, আপোনালোক নিজেই কৰক। আপোনালোকৰ বহুত ৰাইজ আছে। নিজে নকৰে কিয়। আছুৱে আকৌ কয়, আমি কৰিব পাৰিম নেকি। আমাৰ হাতত ইমান শক্তি নাই। বন বিষয়াজনে উত্তৰ প্ৰকাশ কৰে যে, কাঠফলা মিল জব্দ কৰিবলৈ গলে আমাৰ বহুত খৰচ হয়। সেই খৰচ কোনে দিব। উত্তৰত আছু নেতাগৰাকীয়ে কয়, কিমান খৰচ হয় আমি দিম। সেই উত্তৰত বন বিষয়াজনে কয় যে, অঞ্চলটোলৈ গলে আমাৰ প্ৰায় লাখ টকা খৰচ হয়। আপুনি এক লাখ টকা জমা কৰি যাওঁক তাৰ পাছত আমি ব্যৱস্থা লম। এই বিস্ফোৰক টেলিফোন ৰেকৰ্ডিঙে এতিয়া ধুবুৰীত চাঞ্চল্যৰ সৃষ্টি কৰিছে। একাংশ ছ'চিয়েল মেডিয়াত ভাইৰেল হৈছে এই আপত্তি জনক বাৰ্তা আলাপ।

মন কৰিবলগীয়া বিষয় এয়া যে, কাঠফলা মিল বন্ধ কৰাৰ বাবে আছুৰ পৰা কিয় ডিএফঅ'গৰাকীয়ে ১ লাখ টকা বিচাৰিলে? ইয়াৰ আৰৰ ৰহস্য কি? কাঠফলা মিলৰ পৰা বন বিভাগে মাহেকত লাখ টকা পাই নেকি। এই সকলোবোৰ প্ৰশ্ন এতিয়া সাধাৰণ ৰাইজৰ।

গুৰুত্বপূৰ্ণ বিষয় এয়া যে, দক্ষিণ শালমাৰা আৰু ফকীৰগঞ্জ থানা এলেকাৰ প্ৰায় ৩০টাতকৈ অধিক স্থানত আৰক্ষী-বন বিভাগৰ চকুৰ সম্মুখতে দিনে নিশাই অবৈধ কাঠফলা মিল চলি আহিছে। কাঠফলা মিল বন্ধৰ বাবে স্থানীয় সচেতন ৰাইজ, দল-সংগঠনে দাবী কৰি আহিছে যদিও ৰহস্যজনকভাৱে কাঠফলা মিল সমূহ চলি থকা পৰিলক্ষিত হৈছে।

বিশেষকৈ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ পৰা গছ কাটি গছৰ কুণ্ডা অঞ্চলটোৰ কাঠফলা মিলত জমা কৰা হয়। তাৰ পাছত তাত অবৈধভাৱে ফালি বজাৰে বজাৰে বিক্ৰী কৰা হয়। ফলত মেঘালয়ৰ বন ধ্বংস কৰা পৰিলক্ষিত হৈছে।

এই সমগ্ৰ ঘটনাৰ লগত অসম তথা মেঘালয়ৰ আৰক্ষীৰ লগতে উভয় ৰাজ্যৰ বন বিষয়া জড়িত হৈ আছে বুলিও অভিযোগ উঠিছে। বুধবাৰে ধুবুৰীৰ ডিএফঅ' জনে আছুৰ পৰা ধন দাবী কৰাৰ ঘটনাই এনে ঘটনা স্পষ্টভাৱে প্ৰমাণ কৰা পৰিলক্ষিত হৈছে।