অসম

সোমবাৰে ১২ ঘন্টীয়া মধ্য অসম বন্ধৰ ঘোষণা তিৱা স্বায়ত্ত পৰিষদৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ সোমবাৰে ১২ ঘন্টীয়া মধ্য অসম বন্ধ কাৰ্যসূচী ঘোষণা কৰিছে সদৌ তিৱা স্বায়ত্ত পৰিষদে। ৰাজ্যিক নিৰ্বাচন আয়োগে তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে উক্ত নিৰ্বাচন অগণতান্ত্ৰিক আৰু অবৈধ আখ্যা দি এই নিৰ্বাচনৰ তীব্ৰ বিৰোধিতা কৰিছে তিৱা ছাত্ৰ সন্থাই।

তিৱা স্বায়ত্ত পৰিষদৰ এলেকাক এএছইআৰডি আইন-২০১৭ৰ আওতাৰ পৰা প্ৰত্যাহাৰ কৰাৰ লগতে অধিসূচনাত বাদ পৰি ৰোৱা তিৱা বসতি প্রধান এলেকাসমূহ পৰিষদৰ পৰা কৰ্তন কৰাৰ দাবীৰে সংগঠনটোৱে ১২ ঘন্টীয়া মধ্য অসম বন্ধৰ আহ্বান জনাইছে। ইফালে, এই নিৰ্বাচনৰ বিৰোধিতা কৰাৰ লগতে ছাত্ৰ সংগঠনটোৱে আন্দোলনৰ সিদ্ধান্তও গ্ৰহণ কৰিছে।