অসম

মৈৰাবাৰী ব্লক কংগ্ৰেছত আজৱ কাণ্ড, এঘাৰটা পঞ্চায়তত এখন আসনত দুজনক টিকট প্ৰদান

asomiyapratidin

ডিজিটেল সংবাদ মৈৰাবাৰীঃ ধিং সমষ্টিৰ মৈৰাবাৰী ব্লক কংগ্ৰেছত পঞ্চায়তৰ টিকট প্ৰদানৰ নামত ব্যাপক ধনৰ লেনদেনৰ অভিযোগ উঠাৰ পাছতে বুধবাৰে এঘাৰটা পঞ্চায়ততে এখন আসনৰ বাবে কংগ্ৰেছৰ হৈ দুজনকৈ প্ৰাৰ্থীয়ে লাভ কৰিছে টিকট। ফলত অহা বৃহস্পতিবাৰে এখন আসনৰ বাবে কংগ্ৰেছৰ হৈ দুজনকৈ প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ।

এজন প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীৰ দুই ভতিজাৰ বাবেই এনে ঘটনাই লজ্জানত কৰিছে কংগ্ৰেছ দলৰ উৰ্ধতম মহলক। ইফালে এনে খেলিমেলিৰ বাবেই মৈৰাবাৰী ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত সোমবাৰৰ নিশাৰ পৰা কৰ্মীয়ে ওলোমাই ৰাখিছে তলা।