অসম

ঐতিহাসিক মইনাপৰীয়া নামঘৰৰ ১লাখ টকা দান মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ

asomiyapratidin

ডিজিটেল সংবাদ, টীয়কঃ কোৰোনা ভাইৰাছৰ সংক্ৰমণে ভয়াবহ ৰূপ ধাৰন কৰাৰ সময়ত এই দুৰ্যোগ মোকাবিলা কৰিবলৈ অসম চৰকাৰক প্ৰয়োজনীয় টকা আগবঢ়াইছে বহু দল সংগঠন আৰু ব্যক্তিয়ে।ইতিমধ্যে ৰাজ্য খনৰ বিভিন্ন জনে অসম চৰকাৰৰ আৰোগ্য নিধিলৈ আগবঢ়াইছে পুঁজি। যোৰহাট জিলাৰ ঐতিহাসিক মইনাপুৰীয়া বৰনামঘৰ পৰিচালনা সমিতিয়েও এই দুৰ্যোগৰ সময়ত চৰকাৰৰ আৰোগ্য নিধিলৈ এক লাখ টকা আগবঢ়াইছে।

জিলা উপায়ুক্তৰ যোগেদি এই ধন প্ৰদান কৰিছে তেওঁলোকে। উল্লেখযোগ্য যে, অসমৰ অন্যতম এক পীঠ ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে জিলা উপায়ুক্তৰ যোগেদি এক লাখ টকা আৰোগ্য নিধিলৈ আগবঢ়ায়।