অসম

বিধায়ক ৰূপক শৰ্মাক ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদাঃ নগঁঞা ৰাইজে শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক…

asomiyapratidin

ডিজিটেল সংবাদ নগাঁও: মুখ্যমন্ত্ৰী ডা০ হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জনাইছে নগাঁৱৰ ৰাইজ আৰু সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ৷ বিধায়ক ৰূপক শৰ্মাক ৰাজ্যিক মন্ত্ৰীৰ পদ মৰ্যদা প্ৰদান কৰাত উল্লাসিত হৈ পৰিছে নগঁঞা ৷ জাতি, মাটি, ভেটি ৰক্ষাৰ বাবে সত্ৰৰ বেদখলকৃত ভূমি উদ্ধাৰৰ অৰ্থে তিনি জনীয়া সমিতি গঠন কৰি বিধায়ক ৰূপক শৰ্মাক অৰ্ন্তভুক্ত কৰিছে ৰাজ্য চৰকাৰৰ কেবিনেটে ৷ এই কমিটিখনে সত্ৰৰ ভূমি জৰীপ কৰি ৰাজহুৱা শুনানী লৈ বেদখলকাৰীৰ কবলৰ পৰা সত্ৰৰ ভূমি উদ্ধাৰৰ কামত নিয়োজিত হ'ব ৷

বৃহস্পতিবাৰে ৰাজ্যিক মন্ত্ৰীৰ মৰ্যদা লাভ কৰা বিধায়ক ৰূপক শৰ্মাই নিজৰ অভিমত নগাঁৱত প্ৰকাশ কৰি কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যি গুৰু দায়িত্ব ন্যস্ত কৰিছে তাক নিষ্ঠাৰে পালন কৰিম ৷ ৰাজ্যত ১২০০ শৰো ওপৰত সত্ৰ আছে ৷ সত্ৰ সমূহৰ ৯০ শতাংশ ভূমিয়ে বেদখলকাৰীৰ কবলত আছে ৷ জৰিপ, ৰাজহুৱা শুনানী গ্ৰহণ কৰি আমি চৰকাৰৰ ঘৰত প্ৰতিবেদন দাখিল কৰিম৷ বিধায়ক শৰ্মাক মুখ্যমন্ত্ৰী ডা° শৰ্মাই এই গুৰুদায়িত্ব অৰ্পন কৰাৰ পিছত বৃহস্পতি বাৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান , অনুৰাগীয়ে নগাঁৱৰ বাসভৱণত শুভেচ্ছা জনাই ৷