অসম

অবৈধ ব্যৱসায়ীৰ পৰা ধন লুটেৰে মাৰ্ঘেৰিটাত বিজেপি নেতাৰ তাণ্ডৱ! চাকৰি হেৰুৱালে বিধায়কৰ দেহৰক্ষীয়ে, বহিস্কৃত হ’ল যুৱ মৰ্চাৰ ৩ নেতা, VIDEO

asomiyapratidin

মাৰ্ঘেৰিটাত  বিজেপি যুৱ মৰ্চাৰ নেতাৰ তাণ্ডৱ, অবৈধ ব্যৱসায়ীৰ পৰা ৫০ হেজাৰ টকা লুট কৰি নিলম্বিত বিধায়কৰ দেহৰক্ষী , বহিস্কৃত হল  বিজেপি যুৱ মৰ্চাৰ তিনি বিষয় ববীয়া ঃ কঠোৰ স্থিতি বিধায়ক ভাস্কৰ শৰ্মাৰ 

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ অবৈধ ব্যৱসায়ীৰ পৰা ধন দাবী কৰি লুট কৰাৰ অভিযোগত দলীয় বিষয়বাবৰ পৰা বহিস্কৃত হৈছে বিজেপি যুৱ মৰ্চাৰ মাৰ্ঘেৰিটা সদৰ মণ্ডলৰ সভাপতি বিতুপন শৰ্মা বৰুৱা, যুৱ মৰ্চাৰ আন এজন বিষয়ববীয়া সঞ্জিত গগৈ ওৰফে চুনু আৰু মিণ্টু কোচ। মঙলবাৰে বিজেপিৰ সদৰ মণ্ডলে দলীয় কাৰ্যালয়ত অনুষ্ঠিত কৰা এখন সংবাদমেলত এই তথ্য সদৰী কৰে সভাপতি ভাদেশ্বৰ মৰাণে। তিনি নেতাক দলৰ প্ৰাৰ্থমিক সদস্যৰ পৰা বহিস্কাৰ কৰিবলৈ ৰাজ্যিক সমিতিলৈ পত্ৰ প্ৰেৰণ কৰিছে।

প্ৰাপ্ত বাতৰি অনুসৰি বিজেপি যুৱ মৰ্চাৰ মাৰ্ঘেৰিটা সদৰ মণ্ডলৰ সভাপতি বিতোপন শৰ্মা বৰুৱা, যুৱ মৰ্চাৰ আন এজন বিষয়ববীয়া সঞ্জিত গগৈ ওৰফে চুনু আৰু বিধায়ক ভাস্কৰ শৰ্মাৰ গাৰ ছা'ৰ দৰে লাগি ফুৰা মিণ্টু কোচেঁ শনিবাৰে নিশা এক ব্যৱসায়িক প্ৰতিষ্ঠানত লক্ষাধিক টকা দাবী কৰি ৫০ হেজাৰ টকা লুটি নিয়াৰ লগতে প্ৰতিমাহে ৩০ হেজাৰ টকাৰ কমিচন দাবী কৰে৷ প্ৰাপ্ত তথ্য অনুসৰি যোৱা ১৭ আগষ্ট শনিবাৰে দিনৰ ভাগত সমষ্টিৰ পৰা বিধায়ক ভাস্কৰ শৰ্মাই দলীয় কামত গুৱাহাটীলৈ যাত্ৰা কৰে৷ বিধায়ক ভাস্কৰ শৰ্মাক আগবঢ়াই থবলৈ বুলি লগত যাত্ৰা কৰে এই তিনি বিজেপিৰ কৰ্মকৰ্তাই৷ ডিব্ৰুগড় বিমান বন্দৰত বিধায়ক ভাস্কৰ শৰ্মাক বিমানত উঠাই এই তিনি যুৱ নেতাই লগত বিধায়কৰ দুজন দেহৰক্ষী লৈ বিধায়কৰ গাড়ীৰে মাৰ্ঘেৰিটালৈ উভতি অহাৰ সময়ত সন্ধিয়া ডিগবৈৰ পাৱৈস্থিত এখন ধাবাত প্ৰবেশ কৰে৷

ধাবাৰ পাছফালে পেট্ৰল ডিজেলৰ চোৰাং ব্যৱসায় প্ৰত্যক্ষ কৰি তিনি বিজেপি নেতাই নিজকে বিধায়ক ভাস্কৰ শৰ্মাৰ অতি ঘনিষ্ট বুলি জাহিৰ কৰি ১ লাখ টকা দাবী কৰাতে ক্ষান্ত নাথাকি একপ্ৰকাৰে গুণ্ডাগিৰি কৰি ধাবাৰ কৰ্মচাৰী এজনক মাৰ ধৰো কৰে৷ দাবী ধমকিৰে তিনি বিজেপি নেতাই ধাবাখনৰ পৰা  নগদ ৫০ হেজাৰ টকা কাঢ়ি লৈ যায়৷ ইয়াৰ পিছতে ঘটনা সন্দৰ্ভত জানিব পাৰি খঙত অগ্নিশৰ্মা হৈ পৰা  বিধায়ক ভাস্কৰ শৰ্মাই লগে লগেই কঠোৰ স্থিতি গ্ৰহণ কৰি বিধায়কৰ কাম কাজৰ দায়িত্বত থকা এই তিনি বিজেপি নেতাক সকলো কাম কাজৰ পৰা নিলম্বিত কৰে আৰু বিধায়কৰ নিদেৰ্শত নিশাই উক্ত ধন অভিযুক্তৰ ঘনিষ্ঠই ঘুৰাই দি আহে। আনফালে উক্ত ঘটনাত জড়িত বিধায়ক ভাস্কৰ শৰ্মাৰ দেহৰক্ষী প্ৰদীপ বৰদলৈকো নিলম্বিত কৰাৰ লগতে ঘটনাত জড়িত আন এজন অসম আৰক্ষীৰ বেটেলিয়ান জোৱানৰ ওপৰতো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ  কৰা হৈছে৷

মঙলবাৰে সংবাদমেলখনত উপস্থিত থকা দলৰ জ্যেষ্ঠ নেতা ভীম কৰ্মকাৰে এনে ধৰণৰ কাণ্ড দলটোত এইয়াই প্ৰথম বুলি প্ৰকাশ কৰি এনে কাৰ্যক গৰিহণা দিয়ে। তেওঁ বিধায়ক ভাস্কৰ শৰ্মাই কোনো পধ্যে এনে কাৰ্যৰ প্ৰশ্চয় নিদিয়ে বুলি মন্তব্য প্ৰকাশ কৰি সেইবাবে ঘটনাৰ খবৰ পাইয়ে বিধায়কে অভিযুক্ত সকলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা বুলি কয়। সংবাদমেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ভদ্ৰেশ্বৰ মৰাণে পাৱৈত থকা ধাবা সমূহত চলি থকা পেট্ৰল ডিজেলৰ চোৰাং বেহাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণৰ বাবে আৰক্ষী প্ৰশাসনক আহ্বান জনায়।

গুৰুত্বপূৰ্ণ কথা হ'ল যে, এই ধাবা সমূহত বহু বছৰৰ পৰা পেট্ৰল-ডিজেল ভৰ্তি টেংকাৰৰ পৰা কাটিং কৰি জমা আৰু বিক্ৰীৰ দৰে অবৈধ ব্যৱসায় চলি আহিছে। এই কথা ইতিমধ্যে প্ৰকাশ পাইছে। ইয়াৰ পাছত প্ৰশাসনে এই বেহা আৰু ব্যৱসায়ীৰ বিৰুদ্ধে কেনে ব্যৱস্থা লয় সেয়া লক্ষণীয় হ'ব। আনহাতে অভিযোগ উত্থাপিত হোৱাৰ লগে লগে বিধায়ক শৰ্মাই গ্ৰহণ কৰা কঠোৰ স্থিতিয়ে দলৰ নেতা কৰ্মী সকলৰ মাজত শৃংখলা বৃদ্ধি কৰিব বুলি বিভিন্ন জনে মত প্ৰকাশ কৰিছে।