অসম

ধোঁৱা চাঙত পৰিণত গুৱাহাটী উন্নয়ন বিভাগৰ মিছন ফ্লাড ফ্ৰী আঁচনি…

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ চূড়ান্ত অৱহেলা আৰু কাণ্ডজ্ঞানহীনতাৰ বাবে গুৱাহাটী পৌৰ নিগমৰ মিছন ফ্লাড ফ্ৰী আঁচনি এতিয়া ধোঁৱা চাঙত উঠা পৰিলক্ষিত হৈছে । এই আঁচনিৰ অধীনত ধন মহানগৰীৰ নলা-নৰ্দমাসমূহৰ চাফাৰ বাবে মোকলাই দিয়াৰ পিছতো কাৰ্যত: চাফাইৰ কাম স্থবিৰ হৈ থাকিল ।

উল্লেখ্য যে এই বিয়াগোম বিভাগটোৱে যোৱা ১১ ফেব্ৰুৱাৰীত মিছন ফ্লাড ফ্ৰীৰ অধীনত নিৰ্দ্ধাৰণ কৰা মুঠ ধনৰ পৰা ৪০ কোটি টকা পৌৰ নিগমক মোকলাই দিছে যদিও ঠিকাদাৰসকলে যোৱা বিত্তীয় বৰ্ষৰ ধন মোকলাই নোপোৱাত এতিয়া এই নলা-নৰ্দমাসমূহৰ চাফাৰ কাম স্থবিৰ হৈ আছে । এই পৌৰ নিগমৰ আৰু ঠিকাদাৰৰ মাজৰ অৰিয়াঅৰিয়ে জীয়াতু ভুগিব লগা পৰিস্থিতিৰ সন্মুখীন হব ।

তদুপৰি মহানগৰবাসীয়ে নলা নৰ্দমাৰ চাফাই নোহোৱাৰ পৰিস্থিতিত এইবাৰ কৃত্ৰিম বান ভীষণ ৰূপ লোৱাৰ আশংকা আছে । লগতে মহ-ডাঁহৰ উপদ্ৰৱৰ উপৰিও মহানগৰবাসী ৰোগত আক্ৰান্ত যে নহব সেয়াও নুই কৰিব নোৱাৰি । অকল আঁচনি অনুকাৰে এই ভেকোঁভাওনাৰে চলিব নে বিহিত ব্যৱস্থা লব বিভাগটোৱে তাকে হব লক্ষণীয়।