অসম

ওকালতি, স্বামী-স্ত্ৰী এৰি অবৈধ প্ৰেমক পূৰ্ণতা দুই অধিবক্তাৰ ! আদালত চৌদহত নিষিদ্ধ কৰিলে উকিল সন্থাই...

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা : ৰহস্যজনকভাৱে নিৰুদ্দেশ দুই অধিবক্তা। এই ঘটনা ঢকুৱাখনাৰ। পৰিয়ালৰ সন্দেহ পৰকীয়া প্ৰেমৰ। জানিব পৰা মতে ঢকুৱাখনা মহকুমাৰ দুগৰাকী অধিবক্তা বিগত ১০ দিন ধৰি সন্ধানহীন হৈ থকাৰ খবৰে মৃদু প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতৰ অধিবক্তা দেৱাঞ্জন বৰুৱা আৰু বুলু মণি শইকীয়া দুয়ো বিগত ১০ দিন ধৰি ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছে। পৰিণতিত বিভিন্ন আইনী সেৱা সুবিধা লাভৰ বাবে আগমন ঘটা দুয়োগৰাকী অধিবক্তাৰ অনুগামী সকলো স্তম্ভিত হৈ পৰিছে।

সংগৃহীত তথ্য মতে যোৱা ৫ মাৰ্চৰ পৰা দুয়োগৰাকী অধিবক্তা নিজ নিজ ঘৰৰ পৰা সন্ধানহীন হোৱাৰ পাছত আজি পৰ্যন্ত পৰিয়াল কিম্বা আৰক্ষীয়ে লাভ কৰা নাই কোনো শুংসূত্ৰ । আৰক্ষী সূত্ৰে জানিব পৰা মতে দুগৰাকী অধিবক্তা নিৰুদ্দেশ হোৱা সন্দৰ্ভত বিবাহিত ব্যক্তি তথা অধিবক্তা দেৱাঞ্জন বৰুৱাৰ পত্নী উমালিনা ৰাজবংশীয়ে ঢকুৱাখনা সদৰ থানাত এজাহাৰ ( জি ডি ই নং-৮৪/২০২৩)  আৰু অধিবক্তা  বুলু মণি শইকীয়াৰ স্বামী ৰাজমণি চেতিয়াই  ঘিলামৰা আৰক্ষী থানাত এজাহাৰ (জি ডি ই নং-১২৪/২০২৩) দাখিল কৰিছে। 

বুলু মণি শইকীয়াৰ স্বামীয়ে এজাহাৰত উল্লেখ কৰা মতে  যোৱা ৫ মাৰ্চৰ নিশা ১১-৩০ বজাত অধিবক্তা  দেৱাঞ্জন বৰুৱাৰ সতে শিঙিয়া গৰৈমাৰি গাঁৱৰ মাতৃৰ ঘৰৰ পৰা পত্নী বুলু মণি শইকীয়া  গৈছে। দুগৰাকী বিবাহিত অধিবক্তা একেদিনাই সন্ধানহীন হোৱাৰ খবৰে উদ্বিগ্ন আৰু লজ্জানত কৰি তুলিছে ঢকুৱাখনা উকিল সন্থাক ।

পৰৱৰ্তী সময়ত সন্ধানহীন দুয়ো অধিবক্তা পৰকীয়া প্ৰেমৰ বান্ধোনেৰে একাকীত্ব হৈ বিবাহ পাশত আবদ্ধ হোৱাৰ তথ্য লাভ কৰি ঢকুৱাখনা উকিল সন্থাই এই সন্দৰ্ভত তৎপৰতা গ্ৰহণ কৰিছে। ঢকুৱাখনাৰ  হাটে বাটে সৰৱ চৰ্চা হোৱা এই বিষয়টোৰ সন্দৰ্ভত ঢকুৱাখনা উকিল সন্থাই যোৱা ১৩ মাৰ্চত এখন জৰুৰী সাধাৰণ সভা আহ্বান কৰে।

সন্থাৰ সভাপতি ৰঞ্জিত বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত  অধিবক্তা সমাজক লজ্জানত কৰা এই বিষয়টোৰ সন্দৰ্ভত আলোচনা কৰি দুয়োগৰাকী অধিবক্তাক ঢকুৱাখনা উকীল সন্থাৰ পৰা কিয় বহিস্কাৰ কৰা নহ'ব তাৰ প্ৰত্যুত্তৰ অহা ২৮ মাৰ্চৰ ভিতৰত  লিখিতভাৱে  দিয়াৰ নিৰ্দেশনাৰে "কাৰণ দৰ্শোৱা জাননী" প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

লগতে এই সন্দৰ্ভত স্থায়ী সিদ্ধান্ত গ্ৰহণ নকৰা পৰ্যন্ত দুয়োগৰাকী অধিবক্তাক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ১ মাহৰ বাবে  সন্থাৰ পৰা নিলম্বিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । এই সময়ছোৱাত দুয়োগৰাকী অধিবক্তাই আদালত চৌহদত প্ৰৱেশ কৰাতো নিষেধাজ্ঞা জাৰি কৰা হৈছে।

উল্লেখ্য যে দুয়োগৰাকী অধিবক্তাই ম'বাইল সংযোগ বন্ধ কৰি ৰখাৰ বাবে পৰিয়াল কিম্বা আৰক্ষী কোনোৱে সন্ধান উলিয়াবলৈ অদ্যপি সক্ষম হোৱা নাই ।