অসম

মালিগাওঁ উত্তৰ পূব সীমান্ত ৰেলৱেত কৰ্মৰত কোন উজলি উঠিল টকিঅ’ অলিম্পিকত?

asomiyapratidin

ডিজিটেল ডেস্কঃ মালিগাঁৱত বৈছে উৎসাহৰ ঢল। কিয়নো মালিগাঁৱৰ ৰেলৱেত কাম কৰা এগৰাকী বিষয়াই ভাৰতৰ হৈ অলিম্পিকৰ প্ৰথমটো পদক লাভ কৰিছে। দেশলৈ এই গৌৰৱ কঢ়িয়াই অনা মীৰা বাঈ চানু মালিগাওঁ উত্তৰপূব সীমান্তৰ কৰ্মচাৰী। ভাৰত্তোলনৰ ৪৯ কেজি শাখাত ৰূপৰ পদক লাভ কৰা চানু ৰেল বিভাগৰ ক্ৰীড়া শাখাৰ বিশেষ কৰ্তব্যৰত বিষয়া। ২০১৮ চনত চানুৱে ৰেল বিভাগৰ টি টি হিচাপে যোগদান কৰিছিল মালিগাঁৱত থকা উত্তৰ পূব সীমান্ত ৰেলৱেত।

উত্তৰ পূব সীমান্ত ৰেলৰ মুখ্য কাৰ্যালয়ত এই খবৰ লাভ কৰাৰ পাছতেই আনন্দত আত্মহাৰা হৈ পৰে বিষয়া কৰ্মচাৰী। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধকে চানুৰ এই কৃতিত্বত ৰেল তথা সমগ্ৰ দেশবাসীৰ বাবে স্মৰণীয় আখ্যা দিয়ে।

উত্তৰ পূব সীমান্ত ৰেলৱেৰ জ্যেষ্ঠ জনসম্পৰ্কৰক্ষাকাৰী বিষয়া নৃপেন ভট্টাচায্যই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় আমি গৌৰৱাম্বিত। ভাৰতীয় ৰেলে আজি গৰ্ববোধ কৰিছে। তেওঁদৰে এগৰাকী খেলুৱৈ আমাৰ বিভাগত কৰ্মৰত। উত্তৰ পূব সীমান্ত ৰেলৰ লগতে অসমো ইয়াৰ বিশেষ গৌৰৱৰ অংশীদাৰ হৈছে। তেওঁ আশা কৰে মীৰা বাঈয়ে সদাই এইদৰে উজলি থাকিব।