অসম

হোজাইত নাবালিকাক বলাত্‍কাৰ কৰি পলায়ন লম্পট যুৱকৰ

asomiyapratidin

ডিজিটেল সংবাদ, হোজাইঃ অৰ্ণমাই বৰা হত্যাকাণ্ডৰ মূল অভিযুক্তক মৃত্যুদণ্ডৰে দণ্ডিত কৰাৰ পিছতো যেন শিক্ষা লোৱা নাই হোজাই জিলাৰ একাংশ লম্পটে। সোমবাৰে জিলাখনত সংঘটিত হয় আন এক বলাত্‍কাৰৰ ঘটনা।

প্ৰাপ্ত বাতৰি মতে, জিলাখনৰ কপাহবাৰী অঞ্চলৰ পদুম পুখুৰী গাঁৱত এগৰাকী ১১ বছৰীয়া নাবালিকাক মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰে গাঁওবাসীয়ে। পিছত ঘটনাটোৰ সম্ভেদ লৈ জানিব পাৰে যে গাঁওখনৰে কপিল উদ্দিন নামৰ এজন লম্পট যুৱকে নাবালিকাগৰাকীক ধৰ্ষণ কৰি উক্ত স্থানত পেলাই থৈ গৈছে।

ঘটনা সন্দৰ্ভত নাবালিকাগাৰীকৰ পৰিয়ালৰ লোকে মোৰাঝাৰ থানাত এটি গোচৰ ৰুজু কৰিছে। অৱশ্যে বাতৰি যুগুতোৱা পৰলৈকে আৰক্ষীয়ে লম্পট কপিলক কৰায়ত্ত কৰিবলৈ সমৰ্থ হোৱা নাই।

ইফালে বলাত্‍কাৰৰ বলি হোৱা নাবালিকাগৰাকীক স্বাস্থ্যৰ অধিক অৱনতি ঘটাত স্থানীয় চিকিত্‍সালয়ৰ পৰা গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে। ঘটনাটোক লৈ এতিয়া সমগ্ৰ কপাহবাৰী অঞ্চলতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।