অসম

প্ৰেমৰ অভিনয়েৰে যুৱতীক বলাৎকাৰ, মন্ত্ৰী ৰণোজ পেগুৰ ব্যক্তিগত সহায়কক গ্ৰেপ্তাৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ গ্ৰেপ্তাৰ কৰা হৈছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ব্যক্তিগত সহায়ক লক্ষী গগৈক। দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সহায়ক গৰাকীক। এগৰাকী যুৱতীক বলাৎকাৰ কৰাৰ অভিযোগত লক্ষী গগৈক দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে গগৈৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬, ৪১৭ ধাৰা অধীনত এক গোচৰ ৰুজু কৰি তেওঁক গ্ৰেপ্তাৰ কৰে।

দিছপুৰ থানাত লক্ষী গগৈৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ নম্বৰ ৩৮২১/২১। উল্লেখযোগ্য যে, যুৱতীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল লক্ষী গগৈৰ। বিয়া পতাৰ প্ৰলোভনেৰে যুৱতীগৰাকীৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিল গগৈয়ে। যুৱতীগৰাকীয়ে অভিযোগ কৰা মতে, প্ৰেমৰ প্ৰলোভনেৰে তেওঁ যুৱতীগৰাকীক বলাৎকাৰ কৰিছিল। আৰক্ষীয়ে গগৈক গ্ৰেপ্তাৰ কৰি জে'লহাজোতলৈ প্ৰেৰণ কৰিছে।