অসম

‘শাক-পাচলিৰ মূল্য বৃদ্ধি যোগান বিভাগৰ পৰিসীমাত নপৰে, সংবাদ মাধ্যমে মোক অযথা দোষাৰোপ কৰে’- যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

asomiyapratidin

ডিজিটেল সংবাদ গোৱালপাৰা: বুধবাৰে বঙাইগাঁৱত অনুষ্ঠিত কেবিনেট বৈঠকৰ পিচতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে বিয়লি গোৱালপাৰাত উপস্থিত হয় জন স্বাস্থ্য কাৰিকৰী,পঞ্চায়ত-গ্ৰামোন্নয়ন,খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস । মন্ত্ৰীগৰাকীয়ে বুধবাৰে সন্ধিয়া প্ৰথমে জিলা বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈ দলীয় কৰ্মকৰ্তাসকলৰ লগত মত বিনিময় কৰে। তেওঁ 'অসম গণ পৰিষদ'ৰ জিলা কাৰ্যালয়তো উপস্থিত হৈ দলীয় কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰে।

বৃহস্পতিবাৰে পুৱা গোৱালপাৰাৰ নতুন আৱৰ্ত ভৱনত তেওঁ অৰুনোদয় আৰু, পেঞ্চনাৰ আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰাৰ পিচত প্ৰাৰ্থনা আঁচনিৰ জৰিয়তে ১৫ গৰাকী হিতাধিকাৰীক মুখ্যমন্ত্ৰীৰ হৈ এক কালীন সাহাৰ্যৰ চেক বিতৰণ কৰে। দুপৰীয়া সমন্বয়ৰ পীঠস্থান শ্ৰীসূৰ্যপাহাৰত উপস্থিত হৈ এটি পানী যোগান আঁচনিৰ শুভ উদ্ধোধন কৰে। সাংবাদিকৰে হোৱা কথা বতৰাত তেওঁ কয় যে- অতি শীঘ্ৰেই মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই শ্ৰীসূৰ্যপাহাৰ পৰিভ্ৰমণ কৰি ইয়াৰ সমস্যাসমূহৰ বুজ লৈ সমাধানৰ চেষ্টা চলাব ।

বজাৰত মূল্য বৃদ্ধিৰ প্ৰসংগত তেওঁ সংবাদ মাধ্যমৰ ওপৰত ক্ষোভ উজাৰি কয়- 'শাক-পাচলিৰ মূল্য বৃদ্ধি যোগান বিভাগৰ পৰিসীমাত নপৰে। কিন্তু সংবাদ মাধ্যমে তেওঁক হে অযথা দোষাৰোপ কৰে'।আচলতে থলুৱা বজাৰৰ শাক-পাচলিৰ মূল্য বৃদ্ধি প্ৰতিৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে প্ৰতিখন জিলাৰ উপায়ুক্তক একোখন ট্ৰাকচ্ ফ'ৰ্চ গঠন কৰিবলৈ নিৰ্দেশ কৰা হৈছে।সেই মতে উপায়ুক্তসকলে ট্ৰাকচ্ ফ'ৰ্চ গঠন কৰি শাক-পাচলিৰ মূল্য বৃদ্ধি প্ৰতিৰোধ কৰিবলৈ কাম কৰি আছে বুলি তেওঁ জানিব দিয়ে।বিয়লি তেওঁ জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ জিলা উপায়ুক্তকে ধৰি, প্ৰশাসনিক আৰু তেওঁৰ তিনিওটা বিভাগৰ উচ্চপদস্থ বিষয়া বৰ্গৰ সৈতে মিলিত হৈ বিভাগীয় কামকাজৰ বুজ লয়।