/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/6273ba14-bb1d-4441-be31-930910a4e059/pijush_hazarika.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যত বৰষুণৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগে লগে বানপানী আৰু খহনীয়াকলৈ তৎপৰ জলসম্পদ বিভাগ। বানপানী আৰু খহনীয়াকলৈ ইতিমধ্যে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/b50aaa3a-03a6-41d0-adf7-9c974b8c33b7/346068137_257360170108574_8772691687753564843_n.jpg)
কিছুদিন পূৰ্বে বশিষ্ঠস্থিত বিভাগীয় কাৰ্যালয়ত মন্ত্ৰীগৰাকী উপস্থিত হৈ বানপানীত ব্যৱহাৰ্য জিঅ'বেগ,পৰ্কুপাইন আদি জিলাসমূহলৈ পঠিওৱাৰ বুজ লৈছিল। এনেবোৰ পদক্ষেপৰ মাজতে মঙলবাৰে মন্ত্ৰী হাজৰীকাই ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ জালিমুত উপস্থিত হৈ বিগত সময়ত প্লাৱিত কৰা অঞ্চলসমূহ পৰিদৰ্শন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/383ff33d-3c8b-4836-b377-3d88630e44fa/344237339_785979006570329_2102361558750787910_n.jpg)
পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে বান্ধসমূহৰ পুনৰ নিৰ্মাণ কৰি অঞ্চলবাসীক নিৰাপত্তা দিয়াৰ বাবে জলসম্পদ বিভাগে যাবতীয় কাম অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে। ইয়াৰোপৰি মন্ত্ৰী হাজৰীকাই ১৬.৯৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা বান্ধৰ কাম পৰিদৰ্শন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/5061304f-b576-4dab-a7e2-196ef4564d43/346097154_1079905413413504_2807769262134974656_n.jpg)
পৰিদৰ্শন কালত মন্ত্ৰী হাজৰীকাৰ উপৰিও উপস্থিত থাকে সাংসদ দিলীপ শইকীয়া,বিটিআৰৰ উপ-মুখ্য কাৰ্যবাহী সদস্য তথা বিধায়ক গোবিন্দ বসুমতাৰী, বিধায়ক দিগন্ত কলিতা, বি টি আৰৰ কেইবাগৰাকী কাৰ্যবাহী সদস্য, জলসম্পদ বিভাগৰ মুখ্য কাৰ্যবাহী অভিযন্তাসহ বিষয়াসকল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/6ad078ec-40b0-436b-b8a7-44bcebd3b3b6/344761694_495083639416650_8688010132293129637_n.jpg)
Also Read: বান নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ্য সামগ্ৰীৰ উপযুক্ত বিতৰণৰ তদাৰক মন্ত্ৰী পীযুষ হাজৰীকাৰ