অসম

মথুৰাপুৰত পথ সুৰক্ষা জনসচেতনতা কাৰ্যসূচীত মন্ত্ৰী পৰিমল শুক্লবৈদ্য

Asomiya Pratidin

ডিজিটেল সংবাদ,মথুৰাপুৰ: মঙলবাৰে সন্ধিয়া মথুৰাপুৰ সদৰ তিনিআলিত অনুষ্ঠিত এক পথ সুৰক্ষা সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। কাৰ্য্যসূচীত ভাগ লৈ মন্ত্ৰী শুক্লবৈদ্যই ৰাইজৰ সৈতে মত-বিনিময় কৰে।

মন্ত্ৰীগৰাকীয়ে মটৰ চাইকেল সমদলত ভাগ লোৱাৰ লগতো পথ সুৰক্ষা সভাত অংশগ্ৰহণ কৰি পথ সুৰক্ষা নিয়মসমূহ সঠিকভাৱে পালন কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়।

মটৰচাইকেল চলাওতে চালক আৰু আৰোহীয়ে হেলমেট পিন্ধিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। পথ-সুৰক্ষাৰ নীতি-নিয়ম মানি জীৱনৰ সুৰক্ষা নিশ্চিত কৰিবলৈও মন্ত্ৰী পৰিমল শুক্লবৈদ্যই অনুৰোধ জনায়। এই কাৰ্যসূচীত তেওঁক সংগ দিয়ে সতীৰ্থ মন্ত্ৰী যোগেন মহন ৷