অসম

কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তই বিতৰন কৰিলে ৰাষ্ট্ৰীয় পতাকা…

asomiyapratidin

ডিজিটেল সংবাদ কলিয়াবৰ: কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তই বিতৰণ কৰিলে ত্ৰিৰাংগা পতাকা। চাহ আৰু প্ৰাক্তন চাহ জনজাতি জলহা সমাজে খিলঞ্জীয়া জনগোষ্ঠী হিচাপে স্বীকৃতি পোৱাৰ লগতে অ' বি চি তালিকাত জলহা সকল অন্তৰ্ভুক্ত হোৱাৰ পাছত তেওঁলোকে নিজাববীয়াকৈ চলোৱা জৰীপৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।

কলিয়াবৰৰ বামুনীত শুভাৰম্ভ কৰা আৰ্থ সামাজিক আৰু জনসংখ্যা জৰীপ ২০২২ ৰ লগতে আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা ঘৰে ঘৰে জাতীয় পতাকা শীৰ্ষক কাৰ্যসূচীত মন্ত্ৰী কেশৱ মহন্তই অংশগ্ৰহণ কৰে। চাহ ও প্ৰাক্তন চাহ জনজাতি জলহা সমাজ অসমৰ উদ্যোগত নগাঁও জিলা চাহ ও প্ৰাক্তন চাহ জনজাতি জলহা সমাজৰ সৌজন্যত শনিবাৰে বামুনী বালিকা মধ্য ইংৰাজী বিদ্যালয়ত আয়োজিত এই আৰ্থ সামাজিক আৰু জনসংখ্যা জৰীপৰ লগতে "ঘৰে ঘৰে জাতীয় পতাকা" শীৰ্ষক অনুষ্ঠানটিত মন্ত্ৰী কেশৱ মহন্তই উপস্থিত ৰাইজৰ মাজত ত্ৰিৰাংগা পতাকা বিতৰণ কৰে।