'বিদেশী ছোৱালী বিয়া পতা গৌৰৱে কি বুজিব অসমৰ সভ্যতা, সংস্কৃতি?'- জয়ন্ত মল্ল বৰুৱা...
'বিদেশী ছোৱালী বিয়া পতা গৌৰৱে কি বুজিব অসমৰ সভ্যতা, সংস্কৃতি?'- জয়ন্ত মল্ল বৰুৱা... 
অসম

'বিদেশী ছোৱালী বিয়া পতা গৌৰৱে কি বুজিব অসমৰ সভ্যতা, সংস্কৃতি?'- জয়ন্ত মল্ল বৰুৱা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্যত তীব্ৰ হৈছে নিৰ্বাচনী বতাহ। আৰম্ভ হৈছে নিৰ্বাচনৰ প্ৰচাৰ অভিযান। সমান্তৰালকৈ আৰম্ভ হৈছে ৰাজনৈতিক নেতাৰ ব্যক্তিগত আক্ৰমণ।

ৰাজ্যৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই শেহতীয়াকৈ গৌৰৱ গগৈক সমালোচনা কৰিবলৈ গৈ আজি ব্যক্তিগত আক্ৰণ কৰি কয়- বিদেশত থাকি, বিদেশী ছোৱালী বিয়া পতা গৌৰৱে কেনেকৈ জানিব অসমৰ সভ্যতা, সংস্কৃতি?

জয়ন্ত মল্ল বৰুৱাই কয়,- অসমৰ সংস্কৃতি-পৰম্পৰাৰ লগত গৌৰৱ গগৈ বহুদিন ধৰি নাই। তেওঁ বিদেশত থাকিলে, বিদেশী ছোৱালী বিয়া পাতিলে। গতিকে তেওঁনো কেনেকৈ জানিব অসমৰ সভ্যতা-সংস্কৃতি?

তেওঁ সাংবাদিকৰ আগত কয়, অসমৰ সভ্যতা, সংস্কৃতি জানিব লাগিলে ঘামৰ গোন্ধ পাব লাগিব, মাটিৰ গোন্ধ পাব লাগিব। মাটিৰ গোন্ধ আৰু ঘামৰ গোন্ধ গৌৰৱ গগৈয়ে পোৱা নাই। তেওঁ পাইছে বিদেশী মানুহৰ সুবাস, বিদেশত থকাৰ সুবাস। গতিকে গৌৰৱ গগৈয়ে এনেকুৱা কথা ক’বই, তাত আচৰিত হ’বলগীয়া একো নাই।

তেওঁ কয় যে, সেইবিলাক দেশত তেনেকুৱাই চলে হয়তো। আমাৰ দেশৰ পৰম্পৰা হ’ল- জ্যেষ্ঠজনৰ আদৰ, মৰম, সমন্বয়। ইয়াত ৰাজনৈতিক মতাদৰ্শৰ উপৰি এটা ব্যক্তিগত সম্পৰ্ক থাকে, সেই সম্পৰ্কবিলাক আমি ৰক্ষা কৰিব লাগে বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই মন্তব্য কৰে।

মন্ত্ৰীগৰাকীয়ে আৰু কয় যে, আমাৰ যিটো সভ্যতা-সংস্কৃতি, সেয়া অত্যন্ত নমনীয়। আমি প্ৰত্যকজনে প্ৰত্যককে লগ পালে ভালকৈ মাতষাৰ দিওঁ, বিধানসভাৰ ভিতৰত আমাৰ মাজত যুক্তিগত, মতগত মত পাৰ্থক্য থাকিব। কিন্তু আমি মানুহ হিচাপে ব্যক্তিগতভাৱে সকলোৰে লগত সম্পৰ্ক থাকে। জ্যেষ্ঠজনৰ পৰা আমি আশীৰ্বাদ বিচাৰো, বিভিন্নজনৰ লগত আলাপ-আলোচনা কৰো। ৰাজনীতিৰ ক্ষেত্ৰত এই কথাবোৰ ৰাজনীতিকৰণ কৰাটো উচিত নহয় বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, শেহতীয়াকৈ যোৰহাট লোকসভাৰ সাংসদ তথা বিজেপিৰ প্ৰাৰ্থী তপন গগৈয়ে দ্বীপ গগৈক সাক্ষাৎ কৰিছিল। ইয়াৰ পিছৰে পৰা গোটেই বিষয়টো ৰাজনীতিৰ মাজত সোমাই পৰিছিল। অভিযোগ উঠিছিল গৌৰৱ গগৈৰ পৰিয়ালৰ মাজতে বিভাজন আনিবলৈ চেষ্টা কৰিছে। ইয়াৰ পিছতে বিষয়টোক লৈ চৰ্চা অব্যাহত আছে।