- সেৱা সপ্তাহ উপলক্ষ্যে শনিবাৰে পুৱাই ৰক্তদান কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
- মন্ত্ৰীগৰাকীয়ে ৰক্তদান কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত।
- উল্লেখ্য যে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি দেশজুৰি বিজেপিয়ে পালন কৰিছে সেৱা সপ্তাহ।
- প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিনৰ সপ্তাহটো পালন কৰা হৈছে সেৱা সপ্তাহ হিচাপে।
- মন্ত্ৰীগৰাকীয়ে কয় যে, 'প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিন উপলক্ষ্যে বিজেপিয়ে ১৪ ৰ পৰা ১৯ ছেপ্তেম্বৰলৈ পালন কৰিব সেৱা সপ্তাহ।'
- 'বিজেপিয়ে সমগ্ৰ অসমৰ সাংগঠনিক জিলাত ৰক্তদান শিৱিৰ অনুষ্ঠিত কৰিব।'
- 'সেৱা সপ্তাহৰ কাৰ্যসূচী ১০ বজাৰ পৰা আৰম্ভ হ'ব।'
- কিন্তু চৰকাৰী কাৰ্যসূচী থকাৰ বাবে তেওঁ পুৱাই ৰক্তদান কৰে বুলিও জনাই মন্ত্ৰীগৰাকীয়ে।