অসম

আন্দোলনকাৰীসকলক অসমৰ জনতাই প্ৰত্যাখান কৰিছেঃ মন্ত্ৰী বিমল বৰা

asomiyapratidin

ডিজিটেল সংবাদ নাৰায়ণপুৰ: অসমত আন্দোলনৰ নামত আন্দোলন হয়েই। সৰু কথা এটাতো দল-সংগঠনে আন্দোলন কৰে অসমত । অসমবাসী এতিয়া আন্দোলনৰ পক্ষত নাই । বৃহৎ নদীবান্ধক লৈ সম্প্ৰতি উত্তৰ অসমত গা কৰি উঠা বিভিন্ন দল সংগঠনৰ আন্দোলনক লৈ এইদৰে মন্তব্য কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰাই ।

বিগত দুটা বছৰে অসমত আন্দোলনৰ নামত উন্নয়ন স্থবিৰ কৰা হ'ল বুলি মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে আন্দোলনকাৰী সকলক অসমৰ জনতাই ইতিমধ্যেই প্ৰত্যাখ্যান কৰিছে বুলি দাবী কৰে ।

উল্লেখ্য যে মন্ত্ৰী গৰাকীয়ে সোমবাৰে বিহপুৰীয়া সমষ্টি পৰিভ্ৰমণ কালত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এই দৰে মন্তব্য কৰে।