অসম

ওদালগুৰিত গাহৰিৰ খাদ্যত পৰিণত মধ্যাহ্ন ভোজন!

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰি: ওদালগুৰিত গাহৰিৰ খাদ্যত পৰিণত হ'ল বেচৰকাৰী সংগঠনে যোগান ধৰা মধ্যাহ্ন ভোজন। এই সংগঠন সমূহক মধ্যাহ্ন ভোজনৰ দায়িত্ব দিয়াৰ বিৰুদ্ধে এফালে ৰান্ধনী সন্থাৰ তীব্ৰ প্ৰতিবাদ, আনফালে ওদালগুৰিৰ বহু বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে খাবলৈ অস্বীকাৰ কৰে এনজিঅ'ই যোগান ধৰা মধ্যাহ্ন ভোজন।

উল্লেখ্য যে ওদালগুৰি জিলাৰ ওদালগুৰি আৰু মাজবাট শিক্ষা খণ্ডৰ ৫৬৮ খন প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ দায়িত্ব লাভ কৰিছে পৰশ এগ্ৰো ছ'চাইটি নামৰ সংস্থাটোৱে। তালিকা অনুযায়ী মঙলবাৰে ওদালগুৰিৰ প্ৰাথমিক বিদ্যালয়সমূহত এনজিঅ'টোৱে খিচিৰি বিতৰণ কৰে। সেই অনুসৰি ওদালগুৰি জিলা উপায়ুক্তৰ গাতে লাগি থকা গেৰুৱা বগৰীগুৰি প্ৰাথমিক বিদ্যালয়তো মঙলবাৰে মধ্যাহ্ন ভোজন হিচাপে খিচিৰি যোগান ধৰে।

কিন্তু সোমবাৰে বিদ্যালয়খনত উপস্থিত থকা বেচিভাগ ছাত্ৰ-ছাত্ৰীয়ে মধ্যাহ্ন খাইছিল যদিও একাংশ ছাত্ৰ ছাত্ৰীয়ে বমি হোৱা, জিভা খুজুৱা আদি কাৰণত মঙলবাৰে যোগান ধৰা খিচিৰি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। সাংবাদিকৰ ওচৰত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অবিভাৱকে প্ৰকাশ কৰা মতে মঙলবাৰে খিচিৰিও আছিল সোমবাৰৰ দৰে নিম্নমানণ্ডৰ।

ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এনে এটা পৰিবেশৰ সৃষ্টি হৈছে যে এনজিঅ'ৰ দ্বাৰা বিতৰণ কৰা মধ্যাহ্ন ভোজন খাবলৈয়ে ভয় কৰে শিক্ষাৰ্থীয়ে। ছাত্ৰ-ছাত্ৰীসকলে খিচিৰি নখোৱাৰ ফলত অধিক সংখ্যক খিচিৰি পেলাই দিয়াৰ উপৰি স্থানীয় লোকে পোহনীয়া জন্তু তথা গাহৰিৰ বাবে লৈ যোৱা বুলি জানিব পৰা গৈছে। ইফালে মঙলবাৰে ওদালগুৰি শিংগাওঁ মধ্য ইংৰাজী বিদ্যালয়ত এনজিঅ'‌ই যোগান ধৰা মধ্যাহ্ন ভোজনৰ খিচিৰিত পোক ওলোৱা দৃশ্য‌ও দেখিবলৈ পোৱা গৈছে।

ইয়াৰ মাজতে পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা। যিসময়ত ৰন্ধন গেছৰ নাটনিৰ ফলত সৰ্বসাধাৰণ ৰাইজে একোটা ৰন্ধন গেছৰ বাবে হাবাথুৰি খাবলখীয়া অৱস্থাৰ সৃষ্টি হৈছে, তেনে সময়তে মধ্যাহ্ন ভোজনৰ ৰান্ধনিশালত ৰন্ধন কাৰ্যৰ বাবে এনজিঅ'টোৱে ব্যৱহাৰ কৰিছে ঘৰুৱা ৰঙা চিলিণ্ডাৰ। এই সম্বন্ধে সাংবাদিকৰ নিজাবৱীয়া অনুসন্ধানত দেখা গ'ল ৰঙা চিলিণ্ডাৰৰ দম। কিন্তু বিষয়টো সন্দৰ্ভত এনজিঅ' কৰ্তৃপক্ষক প্ৰশ্ন কৰাত প্ৰশ্ন কৰাত কোনো উত্তৰ দিব নোৱাৰিলে সংস্থাটোৱে।

এতিয়া প্ৰশ্ন হয় যে- ওখ ওখ দেৱালৰ ভিতৰত এনেদৰে ব্যৱসায়ীক কাৰ্যত অবৈধভাৱে ৰঙা চিলিণ্ডাৰ ব্যৱহাৰ কৰা বিষয়টো জিলা প্ৰশাসনে অনুসন্ধান কৰি ব্যৱস্থা গ্ৰহণ কৰিব নে এনেদৰেই সাধাৰণ লোকক কৃত্ৰিম নাটনি দেখুৱাই বৃহৎ প্ৰতিষ্ঠানসমূহক গেছ বিতৰণ কেন্দ্ৰসমূহে অধিক মুনাফা লাভৰ স্বাৰ্থত প্ৰদান কৰি যাব এনে ৰঙা চিলিণ্ডাৰ?