অসম

বিভিন্ন দাবীৰে কাজলগাঁৱত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ প্ৰতিবাদ

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাং : কাজলগাঁৱত ৰন্ধনকৰ্মীৰ প্ৰতিবাদ। সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ আহ্বানত আৰু চিৰাং জিলা সমিতিৰ উদ্যোগত সোমবাৰে প্ৰায় ৫ শতাধিক ৰন্ধন কৰ্মীয়ে চিৰাং জিলা সদৰ কাজলগাঁৱত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

জানিব পৰা অনুসৰি, প্ৰতিবাদী আন্দোলন নকৰিলে অসম চৰকাৰে মধ্যাহ্ন ভোজন ৰন্ধনকৰ্মীসকলৰ মাননি আদায় নিদিয়ে যাৰ কাৰণে পুনৰ ছয় দফীয়া দাবী লৈ বিক্ষোভ আন্দোলন কৰিবলগীয়া হয় সদৌ অসম মধ্যাহ্ন ভোজন ৰন্ধন কৰ্মচাৰী ইউনিয়নে। বিদ্যালয়সমূহৰ মধ্যাহ্ন ভোজনৰ আঁচনি বেচৰকাৰী সংস্থা অক্ষয় পাত্ৰক গতাই দিয়াৰ সিদ্ধান্ত বাতিল কৰা, ৰন্ধনকৰ্মীসকলৰ মাননি বৃদ্ধি কৰা, ১২ মাহৰ মাননি প্ৰদান কৰা, মাননি নিয়মীয়া কৰা, কাম হেৰুৱা ৰন্ধনকৰ্মীক এককালীন ৩ লাখ টকাৰ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা, সামাজিক সুৰক্ষা প্ৰদান কৰাৰ দাবীত কেইবা শতাধিক মধ্যাহ্ন ভোজন ৰন্ধনকৰ্মীয়ে সমদল উলিয়াই কাজলগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্রদর্শন কৰে ।

প্ৰতিবাদকাৰী ৰন্ধনকৰ্মীসকলে কাজলগাঁৱৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা তেওঁলোকৰ বিভিন্ন দাবী সম্বলিত শ্লোগানেৰে সমদল কৰি জিলা যোগ কেন্দ্ৰত আহি বিক্ষোভ প্রদর্শন কাৰ্য্যসূচীৰে উত্তাল কৰি তোলে ।