অসম

সলনি হ’ল ‘মিড ডে মীল’ যোঁজনাৰ নামঃ পি এম পোষণ যোঁজনাৰ অধীনত ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব মধ্যাহ্ন ভোজন…

asomiyapratidin

ডিজিটেল ডেস্কঃ মোডী চৰকাৰে দেশৰ অতিকৈ পুৰণি আৰু বহুচৰ্চিত যোঁজনা ৰাষ্ট্ৰীয় মধ্যাহ্ন ভোজন যোঁজনা অৰ্থাৎ মিড ডে' মীলৰ নাম সলনি কৰিছে। চৰকাৰী বিদ্যালয়সমূহত মধ্যাহ্ন ভোজন যোঁজনাক 'পি এম পোষণ যোঁজনা' নামেৰে নামাকৰণ কৰি প্ৰাথমিক বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ভগোৱা হ'ব এই মধ্যাহ্ন ভোজন।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন চিচিইএ-ৰ বৈঠকত এই প্ৰস্তাৱক মঞ্জুৰি প্ৰদান কৰা হয়। উল্লেখযোগ্য যে, ১৯৯৫চনৰ পৰা আৰম্ভ হৈছিল এই মধ্যাহ্ন ভোজন যোঁজনা। ইয়াৰ লক্ষ্য হৈছে প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক দিনটোত কমেও এবাৰ হ'লেও পুষ্টিক ভোজন উপলব্ধ কৰোৱা।