অসম

মিঞা পয়েট্ৰি গোচৰঃ ৯জনলৈ অন্তৱৰ্তীকালীন জামিন আদালতৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ মিঞা পয়েট্ৰিক লৈ পাণবজাৰ থানাত ৰুজু হোৱা গোচৰত নাম সাঙোৰ খোৱা ৯জনক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰা হৈছে। প্ৰণৱজিৎ দ'লে নামৰ এজন সাংবাদিকে এই সন্দৰ্ভত পাণবজাৰ থানাত ৪৭৯/২০১৯ নম্বৰৰ গোচৰ ৰুজু কৰিছিল। এই গোচৰৰ সন্দৰ্ভত বুধবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মীৰ আলফাজ আলী আদালতে এজাহাৰত নাম থকা ৯জনৰ জামিন মঞ্জুৰ কৰে।

প্ৰণৱজিৎদ'লেয়ে দাখিল কৰা এজাহাৰত নাম আছিল ক্ৰমে- হাফিজ আহমেদ, ৰেহানা ছুলতানা, আব্দুৰ ৰহিম, আশ্ৰাফুল হুছেইন, আব্দুল কালাম আজাদ, কাজি নীল, ছেলিম এম হুছেইন, কৰিশ্মা হাজৰিকা, বৰ্ণমালিকা চৌধুৰী আৰু ফৰহাদ ভূঞাৰ।এওঁলোকে এই গোচৰ ৰুজু হোৱাৰ পাছতেইঅন্তৱৰ্তীকালীন জামিন বিচাৰি আদালতৰ কাষ চাপিছিল।

জামিনৰবাবে দাখিল কৰা আৱেদনৰ শুনানিৰ সময়ত এই ৯জনৰ হৈ যুক্তি প্ৰদৰ্শন কৰে জ্যেষ্ঠঅধিবক্তা অৰূপ বৰবৰাই। উল্লেখযোগ্য যে, ভাৰতীয় দণ্ডবিধি ১২০ (বি), ১৫৩ (এ), ১৯৫(এ) লগতে আই টি এক্টৰ ৬৬ নং ধাৰাত গোচৰ ৰুজু কৰা হৈছিল।