অসম

এইবাৰ মেট্ৰিক পৰীক্ষাত সংযোজন কৰা হৈছে কেইবাটাও নতুন নিয়ম…

asomiyapratidin

ডিজিটেল ডেস্কঃ অহা বছৰ অৰ্থাৎ ২০১৯ৰ ফেব্ৰুৱাৰীৰ দ্বিতীয়টো সপ্তাহত অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। পৰীক্ষাৰ সূচী বৰ্তমানলৈ প্ৰকাশ কৰিব পৰা নাই ছেবাই কাৰণ প্ৰকাশ কৰা হোৱা নাই চৰকাৰী বন্ধৰ তালিকা। শনিবাৰে মেট্ৰিকৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হয় ছেবা কাৰ্যালয়ত। এই আলোচনাত উপস্থিত থাকে ২৭খন জিলাৰ বিদ্যালয় পৰিদৰ্শক, ৬৬গৰাকী পৰ্যবেক্ষকৰ অধ্যক্ষ, সচিব আৰু পৰীক্ষা নিয়ন্ত্ৰক।

ইফালে, মেট্ৰিক পৰীক্ষা সুচাৰুৰূপে সম্পূৰ্ণ কৰিবলৈ প্ৰতিখন জিলাৰ নিৰীক্ষকক দিয়া হৈছে নিৰ্দেশ। ইয়াৰোপৰি ২০১৯ত হ'বলগীয়া মেট্ৰিকত প্ৰতিটো পৰীক্ষাকেন্দ্ৰত চিচিটিভিৰ ভিজুৱেল স্পষ্ট হোৱাটো বাধ্যতামূলক কৰিছে ছেবাই। যদি এনে নহয় তেন্তে কৰ্তন কৰা হ'ব পৰীক্ষা কেন্দ্ৰ।

আনহাতে, উত্তৰবহী মূল্যায়নৰ ক্ষেত্ৰতো ছেবাৰ নতুন নিয়ম সংযোজন। এই নতুন সংযোজন কেইটা ক্ৰমে-

  • মেট্ৰিক পৰীক্ষাত ব্যৱহাৰ কৰা প্ৰতিখন উত্তৰ বহীত থাকিব বাৰক'ড।
  • প্ৰতিখন উত্তৰবহীৰ প্ৰথমপৃষ্ঠাত থাকিব প্ৰশ্নৰ ক্ৰমিক নম্বৰৰ বিপৰীতে মূল্যায়ন কৰাৰ সুবিধা।
  • পৰীক্ষাত পৰীক্ষাৰ্থীয়ে অতিৰিক্ত বহী ল'লে নিৰীক্ষকে সম্পূৰ্ণ বিৱৰণ লিখিব লাগিব।
  • উকা উত্তৰ বহীত স্বাক্ষৰৰ পৰিৱৰ্তে নিৰীক্ষকে লিখিব লাগিব সম্পূৰ্ণ নাম।
  • গণিত আৰু উচ্চ গণিতত উত্তৰ বহীত নাথাকিব ৰোলিঙৰ কোনো ব্যৱস্থা।
  • পৰীক্ষাত ক'লা চিয়াঁহী ব্যৱহাৰ কৰিব লাগিব ছাত্ৰ-ছাত্ৰীয়ে।

তদুপৰি, মুঠ ৮৫৭টা চেণ্টাৰত অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। এইবাৰ মেট্ৰিকত অৱতীৰ্ণ হ'ব ৩ লাখ ৫৩ হাজাৰ পৰীক্ষাৰ্থী। পূৰ্বতকৈ বৃদ্ধি কৰা হৈছে ৫টা পৰীক্ষা কেন্দ্ৰ। ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত হ'ব মাঘ বিহুৰ পিছত।