অসম

স্বাস্থ্য বীমা, শিক্ষা আৰু পেঞ্চন সম্পৰ্কে চৰকাৰে গুৰুত্ব প্ৰদান কৰক : সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থা

Asomiya Pratidin

ডিজিটেল সংবাদ, মঙলদৈ : সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ ২০২৩ বৰ্ষৰ প্ৰথম খন কাৰ্যনিৰ্বাহক সভা দেওবাৰে মঙলদৈ সৈনিক ভৱনত অনুষ্ঠিত কৰা হয়। ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা অহা জিলা প্ৰশাসন কৰ্মচাৰী সকল উপস্থিত থাকি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে।

জিলা প্ৰশাসন সন্থাৰ সচিব জয়ন্ত ভাণ্ডাৰ কৈয়স্থই কয় যে ২০২২ বৰ্ষৰ দ্বাদশ দ্বি-বাৰ্ষিক সাধাৰণ সভাৰ প্ৰস্তাৱ সমুহ চৰকাৰক কাৰ্যকৰী কৰিবলৈ আহ্বান জনায়। লগতে ২০০৩ চনতেই চৰকাৰে জিলা প্ৰশাসনৰ কৰ্মচাৰী সকলক স্বাস্থ্য বীমা আচঁনিৰ জৰিয়তে সামৰি লোৱাৰ কথা আছিল যদিও বৰ্তমানেও লোৱা হোৱা নাই গতিকে জিলা প্ৰশাসনৰ কৰ্মচাৰী সকলক স্বাস্থ্য বীমা আচঁনিৰ জৰিয়তে সামৰি ল'বলৈ আহ্বান জনায়।

১২-১২-২০২৩ তাৰিখে জিলা প্ৰশাসন কৰ্মচাৰী আৰু চৰকাৰৰ মাজত এক আলোচনা হৈছিল, আলোচনাত উত্থাপিত পেঞ্চন সম্পৰ্কে স্থিতি প্ৰকাশ কৰিবলৈও চৰকাৰক আহ্বান জনায়।

সচিবালয়ৰ পিছতেই উপায়ুক্তৰ কাৰ্যালয়ত কাম কৰা কৰ্মচাৰী সকলে প্ৰতিটো বিভাগৰে কাম বহুতো কষ্টৰে নিয়াৰিকৈ কৰিব লগীয়া হয় । সেই ক্ষেত্ৰত সচিব গৰাকীয়ে চৰকাৰৰ ওচৰত আবেদন জনায় কয় যে তেওঁলোকৰ মাহিলী বেতনৰ উপৰিও ব্যক্তিগত ভাবে স্বাস্থ্য, শিক্ষা আৰু পেঞ্চন সম্পৰ্কে অধিক গুৰুত্ব প্ৰদান কৰিলে তেওলোক কিছু পৰিমাণে উপকৃত হ'ব ।