অসম

জাজৰিত নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভা...

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ এখনি গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহ সভা আজি জাজৰিৰ শিমলুতল অনুষ্ঠিত হয়। নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি প্ৰভাত বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত নগাঁও জিলাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লোক সকলৰ জনসংখ্যা আৰু ভোটাৰৰ সংখ্যা পিয়লৰ বাবে আঞ্চলিক সমিতি সমূহক দ্বায়িত্ব দিয়াৰ লগতে শাখা সমিতি সমূহ গঠনৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

সভাতে আগন্তুক বিধানসভা নিৰ্বাচনত নগাঁও জিলাৰ যিকোনো দুটা সমষ্টিত কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰাৰ্থী বাবে সংৰক্ষণ কৰিবলৈ চৰকাৰ আৰু ৰাজনৈতিক দল সমূহলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়।" সভাপতিৰ ভাষণত বৰাই "জনজাতি কৰণ সন্দৰ্ভত জনগোষ্ঠীটোৱে কোনো ধৰণৰ আপোচ নকৰে" বুলিও উল্লেখ কৰে।

সভাখনিত নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ কাৰ্যকৰী সভাপতি মনোজ কুমাৰ শইকীয়া, উপসভাপতি অৰবিন্দ ডেকা, তিলক ডেকা, তুৱাৰাম বৰুৱা, তৰুণচন্দ্ৰ ডেকা, প্ৰিয় নাথ বৰা, সম্পাদক জয়ন্ত হাজৰিকাকে আদি কৰি সন্মিলনৰ সকলো বিষয়ববীয়া আৰু সদস্য উপস্থিত থাকে।