অসম

নাৰায়ণপুৰৰ ঐতিহাসিক বানফাং মৈদামস্থলিত মে-ডাম- মে-ফী উদযাপন…

asomiyapratidin

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: আজি পবিত্ৰ মে-ডাম-মে-ফী ৷ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে নাৰায়ণপুৰৰ বিভিন্ন স্থানটো টাই আহোম সকলৰ পৰম্পৰাগত উৎসৱ মে-ডাম-মে-ফী উদযাপন কৰা হয় । নাৰায়ণপুৰ অন্যান্য অঞ্চলৰ সমান্তৰালকৈ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীৰ সমীপৰ পোৰাবিল-বিলতীয়া অঞ্চলত নতুনকৈ উদ্ধাৰ হোৱা ঐতিহাসিক বানফাং মৈদাম স্থলিত স্থানীয় ৰাইজৰ সহযোগত টাই আহোম জ্ঞাতি বৰ্গই দিনজোৰা কাৰ্যসূচীৰে মে-ডাম-মে-ফী উদযাপন কৰে ।

কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত বিহপুৰীয়া মহাবিদ্যালয়ৰ অধ্যাপক সত্যেন্দ্ৰ বৰদলৈয়ে গছপুলি ৰোপণ কৰাৰ পিছতে পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি চন্দ্ৰ বৰগোহাঁইয়ে পতাকা উত্তোলন কৰে । ইয়াৰ পিছতে ৪১ গৰাকী স্বৰ্গদেউৰ প্ৰতীকি মৈদাম স্থলিত তৰ্পণ কৰে ৪১ গৰাকী সমাজৰ গণ্যমান্য ব্যক্তিয়ে । দিনৰ ১১ বজাৰ পৰা মূল পূজা আৰম্ভ হয় । বিয়লি ১ বজাৰ পৰা পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ লখিমপুৰ জিলা সমিতিৰ প্ৰাক্তন সভাপতি যোগেন ফুকনৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয় ।

উম্ফা চাৰিঙ্গীয়াই আঁত ধৰা সভাখনত অৱসৰপ্ৰাপ্ত অধ্যাপক মিনেশ্বৰ দলে, বিহপুৰীয়া মহাবিদ্যালয়ৰ অধ্যাপিকা চিত্ৰলেখা ফুকন, অৱসৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া সৰ্বানন্দ নেওগ, অৱসৰপ্ৰাপ্ত শিক্ষক বেথাৰাম বৰা,তুলেশ্বৰ হাজৰিকা, মাধুৰ্য গন্ধীয়া ফুকন, বীৰেন নেওগ, সাংবাদিক জগত গগৈ প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে।