pradyut bordoloi at mayong
pradyut bordoloi at mayong 
অসম

ভয়ংকৰ খহনীয়াৰ কৱলত পৰা মায়ঙৰ মুৰকাটা গাঁৱত উপস্থিত সাংসদ প্ৰদ্যুৎ বৰদলৈ...

Asomiya Pratidin

ডিজিটেল ডেস্ক, মায়ং : মায়ঙৰ মুৰকটাত বৃহস্পতিবাৰে উপস্থিত হয় নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুত বৰদলৈ। দিনৰ ১১ বজাত দলৰ একাংশ কৰ্মীক লগত লৈ পৰিস্থিতিৰ বুজ লয় খহনীয়াত আক্ৰান্ত গাঁওখনৰ।

খহনীয়াত আক্ৰান্ত অঞ্চলটোৰ প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ সতে কথা পাতিব বুলি জানিব সাংসদগৰাকীয়ে। জিলা প্ৰশাসনৰ লগতো টেলিফোনিক বাৰ্তালাপ কৰে বৰদলৈয়ে লগতে শীঘ্ৰেই গাঁওখনত পোহৰৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান জনায়।

দিল্লীৰ সংসদত এই সন্দৰ্ভত কেইবাবাৰো সজোৰে মাত মতাৰ কথাও সাংবাদিকৰ আগত উল্লেখ কৰে। ইয়াৰ পূৰ্বে মায়ঙৰ লোনমাটি ৰাজ্যিক চিকিৎসালয়খন পৰিদৰ্শন কৰে বৰদলৈয়ে। চিকিৎসালয়ত যিহেতু এম্বুলেন্স নাই সেয়ে এখন এম্বুলেন্স ডিচেম্বৰ মাহৰ ভিতৰত দিব বুলিও আশ্বাস প্ৰদান কৰে প্ৰদ্যুত বৰদলৈয়ে।

লগত উপস্থিত আছিল জিলা কংগ্ৰেছৰ সভাপতি বীৰকুমাৰ কোঁৱৰ, যুৱ কংগ্ৰেছ নেতা ছামছুদ্দিন আহমেদকে ধৰি ভালে সংখ্যক কৰ্মী।