অসম

মায়ঙৰ বৰমপুৰত শ্ৰীশ্ৰী দেৱ দামোদৰ দেৱ সত্ৰৰ মণিকূট গৃহৰ আধাৰশিলা স্থাপন

asomiyapratidin

ডিজিটেল ডেস্ক, মায়ংঃ অসমৰ ঐতিহ্য আৰু সংস্কৃতি সংৰক্ষণ তথা পুনৰুদ্ধাৰৰ বাবে আগবাঢ়ি আহিছে জাৰ্মানীৰ এটা স্বেচ্ছাসেৱী সংগঠন ৷ গেদ্ৰা হেংকল ষ্টিফটুং নামৰ সংগঠন এটাৰ অৰ্থ সাহাৰ্যৰে পুনৰ নিৰ্মান কৰা হব মৰিগাঁও জিলাৰ মায়ঙৰ বৰমপুৰত ১৮ শ শতিকাত স্থাপন হোৱা এখন প্ৰাচীন সত্ৰৰ মণিকূট গৃহ। ১৮০০ শতিকাতে স্থাপিত শ্ৰীশ্ৰী দেৱ দামোদৰ দেৱ সত্ৰৰ মণিকূট পুনৰ নিৰ্মানৰ কামৰ আজি আধাৰশিলা স্থাপন কৰা হয় ।যাদুৰ দেশ হিচাপে খ্যাত বৃহত্তৰ মায়ং তথা জাগীৰোড সমষ্টিৰ ঝাৰগাঁও বৰমপুৰত গাঁৱত অৱস্থিত সত্ৰ খন অৰ্থৰ অভাৱত জৰাজীৰ্ণ হৈ আছিল ৷

১৮৬০ চনতে স্থাপিত শ্ৰীশ্ৰী দেৱ দামোদৰ দেৱ সত্ৰৰ মণিকূট গৃহ টো ভগ্নপ্ৰায় হৈ থকা দেখি সংকটৰ গৰাহত পৰা সত্ৰখন উদ্ধাৰ আৰু পুনৰ নিৰ্মানৰ বাবে আগবাঢ়ি আহিছে সুদুৰ জাৰ্মানৰ গেদ্ৰা হেংকল ষ্টিফটুং নামৰ সংগঠনটো। ভাৰতীয় জাতীয় কলা-সংস্কৃতি ঐতিহ্য ন্যাস অসম শাখাৰ প্ৰচেষ্টা, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সমাজসেৱী সংগঠন ব্যাখ্যা ফাউণ্ডেচন আৰু প্ৰভাকৰ বৰুৱা মেমৰিয়েল ট্ৰাষ্টৰ উদ্যোগত গ্ৰহণ কৰা হৈছে এই পদক্ষেপ ৷ ৰবিবাৰে নৱনিৰ্মীত মণিকূটৰ আধাৰশিলা স্থাপন কৰে ভাৰতীয় জাতীয় কলা-সংস্কৃতি ঐতিহ্য ন্যাস অসম শাখাৰ অধ্যক্ষা তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা ড° শীলা বৰাই ৷

উক্ত অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় জাতীয় কলা-সংস্কৃতি ঐতিহ্য ন্যাস অসম শাখাৰ উপাধ্যক্ষ তথা অৱসৰপ্ৰাপ্ত আয়ুক্ত, আই এ এচ বিষয়া স্বপ্ননীল বৰুৱাৰ লগতে সমন্বয়ক ড° উৎপল নাথ ৷ উল্লেখ্য যে, বিভিন্ন কাৰণত হেৰাই যাবলৈ উপক্ৰম হোৱা অসমৰ ঐতিহ্য আৰু সংস্কৃতি সংৰক্ষণ তথা পুনৰুদ্ধাৰৰ বাবে জাৰ্মানীৰ গেদ্ৰা হেংকল ষ্টিফটুং নামৰ সংগঠনটোৰ অৰ্থসাহায্যৰে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতীয় জাতীয় কলা-সংস্কৃতি ঐতিহ্য ন্যাস, ব্যাখ্যা ফাউণ্ডেচন আৰু প্ৰভাকৰ বৰুৱা মেমৰিয়েল ন্যাসে ৷ তাৰেই অংশ হিচাপে জাগীৰোডৰ বৰমপুৰস্থিত সত্ৰখনৰ মণিকূট পুনৰ নিৰ্মানৰ কাম আৰম্ভ কৰে ৷