অসম

মায়ঙত অঘটনঃ খেলি থকাৰ অৱস্থাতে বানত ডুব গ’ল তিনিটা শিশু, এজনৰ মৃত্যু…

asomiyapratidin

ডিজিটেল সংবাদ মায়ংঃ মায়ঙৰ ঝাৰগাঁও কাৰছোৱাবৰীত অঘটন।খেলি থকৰা অৱস্থাতে তিনিটা কৈ শিশু বানপানীত ডুব যায়।ইয়াৰে দুটি শিশুক জীৱন্তে উদ্ধাৰ কৰে যদিও এটি শিশুৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

খবৰ অনুসৰি প্ৰথম অৱস্থাত স্থানীয় ৰাইজে বানত ডুব যোৱা চাইফুদ্দীন আৰু মৈৰম খাতুন নামৰ দুটি শিশুক জীৱন্তে উদ্ধাৰল কৰে। এই দুয়োটি শিশুৰ বয়স ৪-৫ বছৰীয়া বুলি জানিব পৰা গৈছে। আনহাতে দীৰ্ঘসময় ধৰি বানত ডুব গৈ থকা আন এটি শিশু ছালমা বেগমক স্থানীয় ৰাইজে উদ্ধাৰ কৰে যদিও তেওঁৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

প্ৰকাশিত তথ্য মতে এই শিশু কেইটাই ঘৰৰ কাষতে পানীত খেলি আছিল। সেই সময়তে হঠাতে দ পানীত ডুব যায়।