অসম

মায়ং আৰক্ষীৰ অভিযানঃ অবৈধ মাৰণাস্ত্ৰ জব্দ

asomiyapratidin

ডিজিটেল সংবাদ, মায়ংঃ মায়ং আৰক্ষীয়ে অভিযান চলাই বৃহস্পতিবাৰে নিশা পুনৰ অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মায়ং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত চলা অভিযানত মায়ং থানাৰ অন্তৰ্গত সিধাগুৰি গাঁৱত এক গোপন সূত্ৰৰ পমখেদি জয়নাল আবদিন নামৰ এজন লোকৰ ঘৰৰ পৰা এটা পিষ্টল আৰু দহ জাই সজিব গুলী উদ্ধাৰ কৰে।

জয়নাল আবদিনৰ ঘৰৰ পৰা অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ কৰে যদিও আটক কৰিব পৰা নাই জয়নালক।বৰ্তমানলৈ পলাতক হৈ আছে পূৰ্বে দুই নম্বৰী টকা বনোৱা অপৰাধত গ্ৰেপ্তাৰ হৈ জেল ভাত খোৱা জয়নাল। উল্লেখ্য যে, মায়ং থানাৰ বৰ্তমানৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত যোৱা তিনিমাহৰ ভিতৰত অঞ্চলটোৰ বিভিন্ন গাঁৱত অভিযান চলাই ইটোৰ পিছত সিটো অসামাজিক কাৰ্যকলাপ প্ৰতিৰোধ আৰু অপৰাধীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাত অঞ্চলটোৰ ৰাইজে শলাগ লৈছে।

গাড়ী চোৰ, মদ বেপাৰী, চোৰাং চিকাৰী, জুৱাৰী গ্ৰেপ্তাৰ, অবৈধ মাৰণাস্ত্ৰ জব্দকে ধৰি বহু কেইটা অপৰাধী কৰায়ত্ত কৰিবলৈ সক্ষম হয়।