অসম

৪ লাখ টকা ধনৰাশিৰ ‘মায়াবন সাহিত্য বঁটা’…

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমৰ সাহিত্য জগতত এক নতুন পদক্ষেপ। ৪ লাখ টকা ধনৰাশিৰ 'মায়াবন সাহিত্য বঁটা' প্ৰদান কৰিব বুলি ঘোষণা কৰিছে মায়াবন পৰিয়ালে। প্ৰসিদ্ধ সাহিত্যিক ৰীতা চৌধুৰীৰ জ্যেষ্ঠ ভগ্নী ৰূপা চৌধুৰীৰ স্মৃতিত প্ৰৱৰ্তিত এই বঁটা অহা বছৰ মাৰ্ঘেৰিটাত আয়োজন কৰিবলৈ লোৱা মায়াবন উৎসৱত প্ৰদান কৰা হ'ব। বঁটাত থাকিব এখন স্মাৰক, মানপত্ৰ, কিছু উপহাৰ আৰু ৪ লাখ টকা।

মায়াবনৰ বিভিন্ন আৰু বিস্তৃত কৰ্মসূচীৰ লগতে সাহিত্য উৎসল আৰু কেইবাটাও গুৰুত্বপূৰ্ণ বৌদ্ধিক প্ৰকল্প ৰূপায়নত অগ্ৰসৰ হৈছে মায়াবন পৰিয়াল। তাৰ ভিতৰত, অসমৰ বিভিন্ন ঠাইৰ নামৰ ইতিহাস প্ৰকল্পই ইতিমধ্যে কিতাপৰ ৰূপ পাবলৈ আৰম্ভ কৰিছে। একোখন ঠাইৰ লগত জড়িত চিত্তাকৰ্ষক তথ্য, পৌৰাণিক কথা, লিখিত বা অলিখিত ইতিহাস আৰু জনশ্ৰুতি সন্নিবিষ্ট কৰি এই বছৰৰ শেষৰ ফালে এটা খণ্ড প্ৰকাশৰ সম্ভাৱনা আছে।

অসমৰ বিভিন্ন ঠাইত বাস কৰা আগ্ৰহীসকলক নিজৰ নিজৰ ঠাইৰ ইতিহাস সম্পৰ্কীয় তথ্য জনাই সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনোৱা হৈছে। এই বিশাল কৰ্মযজ্ঞত অংশ লোৱা প্ৰতিজনৰ নাম আৰু তথ্যৰ উৎস কৃতজ্ঞতাৰে লিপিবদ্ধ কৰা হ'ব। খামৰ ওপৰত স্পষ্টকৈ 'মায়াবন (নামৰ উৎসঃ প্ৰকল্প)' বুলি লিখি সংলগ্ন ঠিকনালৈ তথ্য প্ৰেৰণ কৰিব লাগিব।