অসম

মাটিয়াত বন্যহস্তীৰ সন্ত্ৰাস অব্যাহত, বিগত ১২ ঘণ্টাত ৩ জনৰ মৃত্যু…

asomiyapratidin

ডিজিটেল সংবাদ,কৃষ্ণাই : গোৱালপাৰা জিলাৰ মাটিয়াত বন্যহস্তী সন্ত্ৰাস অব্যাহত আছে। মঙলবাৰে পুৱতি নিশাৰ পৰা চলিত ১২ঘণ্টাত তিনিজনকৈ লোক বন্যহস্তীৰ আক্ৰমণ নিহত হল।পুৱতি নিশা বন্যহস্তীৰ আক্ৰমণত বাকাইটাৰী গাওঁৰ টিকেন চন্দ্ৰ নাথ নামৰ এজন লোক নিহত হোৱাৰ পিছত সন্ধিয়া এটা প্ৰকাণ্ড বন্যহস্তীৰ আক্ৰমণত নিগমৰ মিজানুৰ ৰহমান (১২) নামৰ এজন কিশোৰ আৰু কিছুসময়ৰ অন্ত পাহাৰতোলি গাওঁৰ জাহানাৰা খাতুন নামৰ এজন মহিলাৰ মৃত্যু হয়।

শেহতীয়াকৈ লাভ কৰা খবৰনুসৰি আৰু দুগৰাকী লোক নিহত হৈছে। অৱশ্যে ইয়াৰ সবিশেষ জানিব পৰা হোৱা নাই। ইতিমধ্যে মাটিয়া আঞ্চল বন্যহস্তীৰ সন্ত্ৰাসত গঞা ৰাইজ আতংকিত হৈছে।ইফালে বন বিভাগ আৰু জিলা প্ৰশাসনে বিষয়টোত কোনোধৰণৰ গুৰুত্ব দিয়া নাই বুলি স্থানীয় গঞা ৰাইজে মুকলিকৈ অভিযোগ উত্থাপন কৰিছ।