অসম

জনজাতিকৰণৰ দাবীত মথুৰাপুৰ চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ…

asomiyapratidin

ডিজিটেল সংবাদ,মথুৰাপুৰঃ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা,মাটিৰ পট্টা দিয়া,চাহ জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতি মৰ্যাদা প্ৰদান কৰাকে ধৰি ১১ দফীয়া দাবীৰ সমৰ্থনত বুধবাৰে পুৱা মথুৰাপুৰ চাহ বাগিচাৰ কলঘৰৰ সন্মুখত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিক সংঘই ৷
বাগিচাখনৰ চাহ মজদুৰ সংঘৰ প্ৰাথমিক গোটৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ প্ৰতিবাদকাৰী সকলে পুৱাই হাতে হাতে দাবী সম্বলিত প্লেকাৰ্ড লৈ বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে বাগিচাৰ পৰিৱেশ উত্তাল কৰি তোলে৷