অসম

চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ১২০ গৰাকী কৃতীমানক অভিনন্দন

asomiyapratidin

ডিজিটেল সংবাদ, মথুৰাপুৰঃ চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মথুৰাপুৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত সোমবাৰে চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতি উত্তীৰ্ণ কৃতী ছাত্ৰ- ছাত্ৰীক আনুষ্ঠানিকভাৱে অভিনন্দন জনোৱা হয়৷

আছুৰ আঞ্চলিক সমিতিখনৰ অন্তৰ্গত লাকুৱা আৰু দ'লবাগান পৰীক্ষা কেন্দ্ৰৰ অন্তৰ্গত ১২০ গৰাকী কৃতীমানক অভিনন্দন জনোৱা অনুষ্ঠানটোৰ আঁত ধৰে ছাত্ৰ নেতা ৰঘু ৰাজকোঁৱৰে।

সভাত বিশিষ্ট অতিথি হিচাপে প্ৰাক্তন অধ্যক্ষ ললিত গগৈ, মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা ড০ গীতিমণি হাতীকাকতি, মথুৰাপুৰ ছোৱালী উচ্চ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী কৌশল্যা বৰুৱা, আছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি মানিক গগৈ, সমাজকৰ্মী তথা প্ৰাক্তন আছু নেতা শৈলেন ফুকনৰ উপৰিও ছাত্ৰ সন্থাৰ ভালে সংখ্যক নেতাকৰ্মী উপস্থিত থাকি কৃৰ্তী ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশি বক্তব্য আগবঢ়াই।

কৃতী ছাত্ৰ- ছাত্ৰীসকলক মানপত্ৰ, গামোচা, একোটি গছৰ পুলি আৰু উপহাৰে অভিনন্দন জ্ঞাপন কৰা হয়৷ ইফালে সভাতে শৈলেন ফুকনে প্ৰতি বছৰে আগবঢ়াই অহা দুয়োটা পৰীক্ষা কেন্দ্ৰৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত শিক্ষাৰ্থীক প্ৰদান কৰি অহা বঁটাটো এইবাৰ লাভ কৰে মথুৰাপুৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা উত্তীৰ্ণ হোৱা অন্নমিত্ৰ সন্দিকৈক প্ৰদান কৰা হয়।