অসম

মথুৰাপুৰৰ শ্ৰীপুৰত আশীৰ্বাদ গ্ৰাম্য সংগঠনৰ কাৰ্যালয় নিৰ্মাণৰ শুভাৰম্ভ

asomiyapratidin

ডিজিটেল সংবাদ, মথুৰাপুৰঃ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ নাজিৰা খণ্ডৰ চুকাফা গাওঁ পঞ্চায়তৰ অধীনৰ মথুৰাপুৰ শ্ৰীপুৰ এলেকাত থকা আত্মসহায়ক গোট সমূহৰ উমৈহতীয়া সংস্থা আশীৰ্বাদ গ্ৰাম্য সংগঠনৰ এটি স্থায়ী কাৰ্যালয়ৰ নিমাৰ্ণৰ কাম শুভাৰম্ভণি কৰা হয়৷ বৃহস্পতিবাৰে কাৰ্যালয়টিৰ নিৰ্মাণৰ অনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে চুকাফা নগৰৰ বিশিষ্ট সমাজকৰ্মী ধৰ্মেশ্বৰ কোঁৱৰে৷

অনুষ্ঠানটোত চুকাফা গাওঁ পঞ্চায়তৰ সভাপতি সুৰুজ কুমাৰ ভূমিজ আৰু খণ্ড সমন্বয়ক ৰিন্টু ফুকনৰ লগতে ১৯ টা আত্মসহায়ক গোটৰ সভানেত্ৰী আৰু সম্পাদিকা সকল উপস্থিত থাকে৷ অনুষ্ঠানটো শ্ৰীপুৰ আশীৰ্বাদ গ্ৰাম্য সংগঠনৰ সভানেত্ৰী ৰিংকুমণি চেতিয়া দুৱাৰ আৰু সম্পাদিকা ৰিনা তামাং চুব্বাই আঁত ধৰে৷