অসম

দেৱী দুর্গাৰ বন্দনাৰে মুখৰিত মথুৰাপুৰ…

asomiyapratidin

ডিজিটেল সংবাদ,মথুৰাপুৰঃ মহিষমৰ্দিনী দেৱী দূর্গাৰ বন্দনাৰে মুখৰিত হৈছে মথুৰাপুৰ চৌদিশ। ৰাজ্যৰ আন ঠাইৰ লগতে চৰাইদেউ জিলাৰ মথুৰাপুৰতো উদযাপন কৰা হৈছে দূৰ্গা পূজা । চৰকাৰী নীতি নিৰ্দেশনা অনুসৰি অনুষ্ঠিত হৈছে পূজাৰ কাৰ্যসূচী। ইফালে, মথুৰাপুৰকে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত কেবাখনো পূজা অনুষ্ঠিত কৰা বুলি জানিব পৰা গৈছে।

কোভিড সৃষ্ট পৰিৱেশৰ লগতে শাৰদীয় বতৰতো উৎকট গৰমে দহা বাবেই আজি সপ্তমীৰ দিনটোত দিনৰ ভাগত পূজাস্থলী সমূহত ভক্তৰ সমাগম কম হৈছে যদিও অষ্টমী আৰু নৱমী দিনা দেৱী দুৰ্গাৰ চৰণত সেৱা ল'বলৈ ভক্তৰ আগমণ ঘটিব বুলি আশা কৰিছে আয়োজকসকলে। পূজাৰ উপলক্ষে পূৱাৰ ভাগতেই বিভিন্ন প্ৰান্তৰ পৰা যথেষ্ট সংখ্যক ভক্তই দেৱীৰ চৰণত সেৱা লোৱা পৰিলক্ষিত হয়৷ প্ৰতিবছৰে অনুষ্ঠিত কৰা মথুৰাপুৰ স্হায়ী পূজা মণ্ডপ পৰম্পৰা ৰক্ষা কৰি নীতিনিয়ম বলি বিধান অনুষ্ঠিত হয় ৷ সন্ধিয়ালৈ পূজা মণ্ডপত ভক্তৰ ভৰি কৰা পৰিলক্ষিত হয় ৷